ধন দাবীৰ গোচৰত অভিযুক্ত জেকলিন ফাৰ্নাণ্ডেজে আজি আদালতত হাজিৰ হব

Story by  atv | Posted by  Munni Begum • 1 Years ago
জেকলিন ফাৰ্নাণ্ডেজ
জেকলিন ফাৰ্নাণ্ডেজ
নতুন দিল্লী
 
₹২০০ কোটিৰ ধন দাবীৰ গোচৰত অভিযুক্ত কনমেন সুকেশ চন্দ্ৰশেখৰৰ সৈতে জড়িত অভিনেত্ৰী জেকলিন ফাৰ্নাণ্ডেজে সোমবাৰে দিল্লীৰ পাটিয়ালা হাউছ আদালতত হাজিৰ হ’ব।  
 
ইডিয়ে অভিযুক্ত হিচাপে নামকৰণ কৰি  অভিনেত্ৰী জেকলিনৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰিছিল। অভিযোগনামাখন লক্ষ্য কৰি আদালতে জেকলিনক ২৬ ছেপ্টেম্বৰত হাজিৰ হ’বলৈ নিৰ্দেশ দিছিল। অভিনেত্ৰী জেকলিনক দিল্লী আৰক্ষীয়ে দুবাৰকৈ জেৰাৰ কৰিছিল। 
 
যোৱা সপ্তাহত, অভিনেত্ৰী ফাৰ্ণাণ্ডেজৰ ষ্টাইলিষ্ট লীপাক্ষী এলাৱাদীক দিল্লী আৰক্ষীৰ অৰ্থনৈতিক অপৰাধ শাখাই গোচৰটোৰ সন্দৰ্ভত প্ৰায় আঠ ঘণ্টা ধৰি সোধা-পোছা কৰিছিল। 
লগতে আৰক্ষীক জনোৱা মতে, সুকেশ চন্দ্ৰশেখৰক গ্ৰেপ্তাৰৰ খবৰ বিয়পি পৰা লগে লগে জেকলিন ফাৰ্নাণ্ডেজে তেওঁৰ সৈতে সকলো সম্পৰ্ক বিচ্ছিন্ন কৰি পেলায় বুলি আৰক্ষীয়ে জনায়।
বৰ্তমান কাৰাগাৰত থকা চন্দ্ৰশেখৰে বহু লোকক প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন হৈছে। য’ত আছে ফৰ্টিছ হেল্থকেয়াৰৰ প্ৰাক্তন প্ৰমোটাৰ শিবিন্দৰ মোহন সিঙৰ পত্নী অদিতি সিঙৰ দৰে উচ্চ পদস্থ ব্যক্তি।
 
ইডিৰ মতে, অভিনেত্ৰী ফাৰ্নাণ্ডেজ আৰু বলীউডৰ আন এগৰাকী অভিনেতা নোৰা ফাতেহীয়ে তেওঁৰ পৰা বিলাসী গাড়ী আৰু অন্যান্য দামী উপহাৰ লাভ কৰিছিল।