'হাড়গিলা-দ্য গ্ৰেটাৰ এডজুটেন্ট ষ্টক' লৈ জুৰীৰ বিশেষ বঁটা

Story by  atv | Posted by  Munni Begum • 1 Years ago
হাড়গিলাৰ প্ৰতিনিধিত্বমুলক ফটো
হাড়গিলাৰ প্ৰতিনিধিত্বমুলক ফটো
 গুৱাহাটী
 
ক্রমাৎ বিলুপ্ত হ'বলৈ ধৰা 'হাড়গিলা' সংৰক্ষণৰ বাবে কামৰূপ জিলাৰ দদৰা আৰু পছৰীয়াৰ ৰাইজে বিগত কেইবাবছৰ ধৰি লোৱা প্ৰশংসনীয় পদক্ষেপৰ ওপৰত নিৰ্মাণ কৰা 'হাড়গিলা-দ্য গ্ৰেটাৰ এডজুটেন্ট ষ্টক' নামৰ চুটি তথ্যচিত্ৰখনে ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বিশেষ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। তদুপৰি তথ্যচিত্ৰখনে ঠাকুৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱ আৰু দিল্লী আন্তঃৰাষ্ট্রীয় চলচ্চিত্র মহোৎসৱত জুৰীৰ বিশেষ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। 
 
তথ্যচিত্ৰখন নির্মাণ কৰিছে সুলেখক, সাহিত্যিক, জোষ্ঠ আৰক্ষী বিষয়া পার্থসাৰথি মহন্তই। পাই এণ্টাৰটেইনমেণ্টৰ বেনাৰত পাৰ্থসাৰথি মহন্তৰ পৰিচালনাত নির্মিত তথ্যচিত্ৰখন প্রযোজনা কৰিছে মীনা মহন্ত আৰু ইন্দ্ৰাণী বৰুৱাই। তথ্যচিত্রখন মুম্বাই চুটি ছবি মহোৎসৱ, এছ অ' এফ এ চলচ্চিত্ৰ মহোৎসৱ, একাদশ দিল্লী আন্তৰাষ্ট্ৰীয় চুটি ছবি মহোৎসৱ, ঠাকুৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱ, পুনে চিটি ছবি মহোৎসৱ আৰু ৱাইল্ড লাইফ কনজাৰভেচন চলচ্চিত্ৰ মহোৎসৱত ইতিমধ্যে প্রদর্শিত হৈছে। 
ইয়াৰে দিল্লী আন্তঃৰাষ্ট্ৰীয় চুটি ছবি মহোৎসৱ আৰু ঠাকুৰ আন্তৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত এই তথ্যচিত্ৰখনে জুৰীৰ বিশেষ বঁটাৰে সন্মানিত হৈছে। এছ অ' এফ এ চলিচ্চিত্ৰ মহোৎসৱ চাইপ্ৰাছ আৰু ৱাইল্ড লাইফ কনজাৰভেচন চলচ্চিত্র মহোৎসৱ নিউয়র্কত অনুষ্ঠিত হৈছিল। অহা জানুৱাৰীত অনুষ্ঠিত হ'বলগা জয়পুৰ চলচ্চিত্ৰ মহোৎসৱতো প্রদর্শিত হ'ব 'হাড়গিলা - দ্য গ্ৰেটাৰ এডজুটেন্ট ষ্টক'।
তথ্যচিত্ৰখনৰ নিৰ্মাণ সন্দৰ্ভত পৰিচালক মহন্তই জানিবলৈ দিয়ামতে হাড়গিলা চৰাইবিধ বিশ্বত এতিয়া বিলুপ্তিৰ পথত। এই চৰাইবিধ এতিয়াই সংৰক্ষণৰ ব্যৱস্থা নকৰিলে অদূৰ ভৱিষ্যতে সমগ্ৰ বিশ্বৰ পৰাই ইয়াৰ বিলুপ্তি ঘটিব। অতি সৌভাগ্যৰ কথা যে কামৰূপ জিলাৰ দদৰা আৰু পছৰীয়া অঞ্চলৰ ওখ বিৰিখত সম্প্ৰতি দেখা যায় বিপন্ন প্ৰজাতিৰ হাড়গিলাসমূহ। 
মহন্তই লগতে কয়, "কিছু বছৰৰ আগতে বিশিষ্ট বন্যপ্রাণীপ্রেমী পূর্ণিমা দেৱী বৰ্মনে চৰাইবিধৰ সংৰক্ষণৰ বাবে অঞ্চলটোত কাম আৰম্ভ কৰিছিল আৰু এই প্ৰচেষ্টাত কামৰূপ আৰক্ষীও ওতঃপ্রোতভাৱে জড়িত হৈ পৰিছিল। এই প্ৰচেষ্টাত ৰাইজ, বিশেষকৈ অঞ্চলটোৰ মহিলাসকলক জড়িত কৰা হৈছিল। মহিলাসকলে 'হাড়গিলা আর্মি' নামেৰে এটা গোট খুলি সকলোৱে দেহে-কেহে আমাৰ লগত এইক্ষেত্ৰত আগবাঢ়ি গৈছিল। এই নিৰৱচ্ছিন্ন প্রচেষ্টা বর্তমানেও অব্যাহত আছে।" 
সুখৰ কথা যে এই দিশত বৰ্তমান যথেষ্ট সাফল্য অৰ্জন কৰা হৈছে। হাড়গিলা সংৰক্ষণৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহ প্ৰতিফলিত কৰি বিগত ছবছৰ ধৰি এই তথ্যচিত্ৰখন নিৰ্মাণ কৰি থকা হৈছিল আৰু কিছুদিন পূৰ্বে ইয়াৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠিছে। চলচ্চিত্ৰখনৰ কাৰিকৰী দিশৰ চোৱা-চিতা কৰিছে সমুজ্জ্বল কাশ্যপে।