আৰিয়নে অপৰাধৰ বাবে পৰিকল্পনা কৰাৰ বুলি কোনো প্ৰমাণ নাই : বোম্বে উচ্চ ন্যায়ালয়

Story by  atv | Posted by  Munni Begum • 2 Years ago
আৰিয়ন খান
আৰিয়ন খান
গুৱাহাটী
 
ড্ৰাগছৰ গোচৰত গ্ৰেপ্তাৰ হৈছিল শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ন খান। কেইবাদিনো জেলত থকাৰ পিছত জামিন লাভ কৰিছিল আৰিয়নে। ইয়াৰ পিছতেই আজি বোম্বে উচ্চ ন্যায়ালয়ে আৰিয়ন খানৰ বিৰুদ্ধে থকা গোচৰ সন্দৰ্ভত বিস্তৃত আদেশ জাৰি কৰিছে। 
 
ন্যায়ালয়ে কয় যে ,"এনে ধৰণৰ কোনো প্ৰমান নাই যিয়ে প্ৰমান কৰিব পাৰে যে অভিযুক্তই অপৰাধ কৰাৰ বাবে কোনো পৰিকল্পনা কৰিছিল। ক্ৰজ পাৰ্টীত আৰিয়ন খান আৰু আৰবাজে ব্যক্তিগতভাৱে যাত্ৰা কৰি আছিল।তেওঁলোকে ড্ৰাগছ সেৱন কৰাৰ বাবে পৰিকল্পনা কৰিছিল ইয়াৰ কোনো সঠিক প্ৰমাণ নাই।"
 
ন্যায়ালয়ে কয় যে, "অভিযুক্তই এনডিপিএছ অধিনিয়মৰ অধীনত অপৰাধ স্বীকাৰ কৰিছিল।ইয়াৰ ফলত তেওঁৰ ১ বছৰ পৰ্যন্ত জেল হ'লহেতেন। অভিযুক্তই ইতিমধ্যে ২৫ দিন জেলত আছিল। কিন্তু তেওঁৰ কোনোধৰণৰ স্বাস্থ্য পৰীক্ষা কৰা হোৱা নাছিল যাৰ দ্বাৰা প্ৰমাণ হয় যে তেওঁ নিচাযুক্ত দ্ৰব্য সেৱন কৰিছিল।" 
 
ন্যায়ালয়ে জাৰি কৰা আদেশত এয়াও কয় যে হোৱাটচ এপত হোৱা কথাবতৰাতো কোনোধৰণৰ আপত্তিজনক তথ্য লাভ কৰা নাই। আৰিয়নক জামিন দিয়াৰ ক্ষেত্ৰতএই সমূহ যুক্তি দিয়ে ন্যায়ালয়ে।