সন্তান সম্ভৱা আলিয়া ভট্ট

Story by  atv | Posted by  Munni Begum • 1 Years ago
প্ৰথম সন্তান পিতৃ-মাতৃ হব ৰণবীৰ আৰু আলিয়া
প্ৰথম সন্তান পিতৃ-মাতৃ হব ৰণবীৰ আৰু আলিয়া
মুম্বাই

বলীউডৰ তাৰকা দম্পতী আলিয়া ভট্ট আৰু ৰণবীৰ কাপুৰ প্ৰথম সন্তানৰ পিতৃ-মাতৃ  হবলৈ উলাইছে। আলিয়াই সোমবাৰে ৰাতিপুৱা ইনষ্টাগ্ৰামত   অনুৰাগী আৰু বন্ধুৰ সৈতে এই আনন্দৰ খবৰটো শ্বেয়াৰ কৰিছে। 
 
অভিনেত্ৰীগৰাকীয়ে শ্বেয়াৰ কৰা এখন ফটোত অভিনেত্ৰীগৰাকীক তেওঁৰ চোনোগ্ৰাফী কৰা দেখা গৈছিল আৰু তেওঁৰ স্বামী ৰণবীৰক পৰ্দাত কেঁচুৱাটোলৈ চাই থকা দেখা গৈছিল। ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰা ছবিখনৰ শিৰোনামত লিখিছিল, "আমাৰ কেঁচুৱা। সোনকালে আহি আছে।"
 
 
কৰণ জোহৰ, পৰিণীতি চোপ্ৰা, ৰকুল প্ৰীত সিং, প্ৰিয়ংকা চোপ্ৰা জোনাছ, টাইগাৰ শ্ৰ'ফ আৰু মৌনী ৰয়ে আলিয়া আৰু ৰণবীৰক অভিনন্দন জনাইছে। 
 
আলিয়া ভট্ট আৰু ৰণবীৰ কাপুৰে  ২০১৮ চনত 'ব্ৰহ্মাস্ত্ৰ'ৰ ছেটত লগ পাইছিল আৰুৰ্তেতিয়াৰ পৰাই দুয়োৰে মাজত প্ৰেমৰ আৰম্ভ হৈছিল। ২০২২ বৰ্ষৰ ১৪ এপ্ৰিলত দুয়োগৰাকী  তাৰকাই বিবাহ পাশত আৱদ্ধ হৈছিল।