বলীউদ-হলীউদৰ ৰথী-মহাৰথীৰ সমাহাৰেৰে আৰম্ভ হ'ল ছৌদি আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ

Story by  atv | Posted by  [email protected] • 1 Years ago
ছৌদি আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্বাহৰুখ খান-এ আৰ ৰহমান
ছৌদি আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্বাহৰুখ খান-এ আৰ ৰহমান
নতুন দিল্লী

চৌদি আৰৱৰ জেদ্দাত অনুষ্ঠিত ৰেড ছি আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ মুকলি অনুষ্ঠানত বলীউডক প্ৰতিনিধিত্ব কৰে এ আৰ ৰহমান, শ্বাহৰুখ খান, প্ৰিয়ংকা চোপ্ৰা জোনাছ আৰু কাজলৰ দৰে জনপ্ৰিয় চেলিব্ৰিটীয়ে।
 
ভাৰতীয় চলচ্চিত্ৰ ব্যক্তিত্বৰ উপৰিও ইয়াত হলিউড আৰু আন কেইবাখনো দেশৰ চলচ্চিত্ৰ তাৰকাসকলেও অংশগ্ৰহণ কৰে। ইয়াৰ ভিতৰত অন্যতম চেলিব্ৰিটীসকল আছিল আমেৰিকান অভিনেত্ৰী শ্বেৰন ষ্টোন, ব্ৰিটিছ পৰিচালক গাই ৰিচি, লেবাননৰ পৰিচালক নাডিন লাবাকি।
১০ দিনীয়া চলচ্চিত্ৰ মহোৎসৱখনৰ ৰেড কাৰ্পেটত খোজ কাঢ়ি অহা সকলৰ ভিতৰত অন্যতম আছিল চৌদি অভিনেত্ৰী মুল্লা আল-জাহৰানি। মহোৎসৱত বলীউদৰ বাদশ্বাহ শ্বাহৰুখ খানক চলচ্চিত্ৰ জগতলৈ আগবঢ়োৱা অনবদ্য সেৱাৰ বাবে সন্মানীয় বঁটাও প্ৰদান কৰা হয়। এইবাৰ ৰিটজ কাৰ্লটন হোটেলত অনুষ্ঠিত হোৱা ‘ৰেড ছি আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ’ত বিশ্বৰ চলচ্চিত্ৰ জগতৰ কেইবাগৰাকীও মহান ব্যক্তিত্বই অংশগ্ৰহণ কৰিব।
ভাৰতীয় অভিনেত্ৰী শ্বাবানা আজমীকো মহোৎসৱৰ উদ্বোধনী ছবি চোৱাৰ সময়ত উৎফুল্লিত যেন দেখা যায়। তেওঁ কয় যে এইটো মোৰ বাবে এক বৃহৎ সন্মান আৰু মই উৎসাহিত।
 
উল্লেখ্য যে, ৰেড ছি আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ছৌদি পৰিচালক তথা অভিনেতা ইব্ৰাহিম আল হাজ্জাজৰ দুখন ছবিও প্ৰদৰ্শিত হ’ব। এই সন্দৰ্ভত তেওঁ কয়, "মই ইয়ালৈ আহি অতি সুখী যে মোৰ দুখন ছবি এই সংস্কৰণত প্ৰদৰ্শিত হ'ব আৰু মই আশা কৰিছো যে মোৰ ছবিসমূহ মানুহে ভাল পাব।" মহোৎসৱত প্ৰদৰ্শিত তেওঁৰ দুখন ছবি হ’ল ‘সত্তৰ’ আৰু খালাত প্লাছ’।
এইবাৰ এই চলচ্চিত্ৰ মহোৎসৱৰ থিমৰ নাম দিয়া হৈছে ‘ফিল্ম ইজ এভাৰী থিং’। দহদিনীয়া এই মহোৎসৱত বিশ্বৰ ৪১টা ভাষাত নিৰ্মিত ১৩১খন বৈশিষ্ট্যপূৰ্ণ ছবি আৰু ৬১খন চুটি ছবি প্ৰদৰ্শন কৰা হ’ব।