শ্বুটিঙৰ পিছত মক্কাত উমৰাহ সম্পন্ন কৰে বলীউদৰ বাদশ্বাহ শ্বাহৰুখ খানে

Story by  atv | Posted by  [email protected] • 1 Years ago
মক্কাত শ্বাহৰুখ খান
মক্কাত শ্বাহৰুখ খান
নতুন দিল্লী

বলীউডৰ ছুপাৰষ্টাৰ শ্বাহৰুখ খানে যোৱা নিশা ছৌদি আৰৱৰ মক্কাত উমৰাহ সম্পন্ন কৰে। 'ডঙ্কি' চলচ্চিত্ৰখনৰ দৃশ্যগ্ৰহণ সামৰি তেওঁ পবিত্ৰ মক্কাত উমৰাহত অংশ লয়। 
 
শ্বাহৰুখে উমৰাহত অংশ লোৱাৰ ফটো আৰু ভিডিঅ' তেওঁ ফেন ক্লাবসমূহে ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে। ছবি আৰু ভিডিঅ'সমূহত  জনপ্ৰিয় অভিনেতাজনক বগা কাপোৰ পৰিধান কৰি দোৱা কৰি থকা দেখা গৈছে।
পবিত্ৰ মক্কাত তেওঁক মানুহে আগুৰি থকাও দেখা যায়।  তেওঁক তেওঁৰ শৰীৰৰ চাৰিওফালে বাধ্যতামূলক বগা মেৰিয়াই পিন্ধা দেখা গৈছে।
শ্বাহৰুখ খানৰ দলে টুইটাৰত এটা ভিডিঅ' পোষ্ট কৰি কৈছে যে, তেওঁৰ 'ডঙ্কি' ছবিখনৰ শ্বুটিং সমাপ্ত হৈছে আৰু ইয়াৰ পিছতে শ্বাহৰুখে মক্কাত দোৱা কৰাৰ সিদ্ধান্ত লয়। ভিডিঅ'টোত বলীউদৰ জনপ্ৰিয় অভিনেতাজনে ছবিখনৰ সকলো কলা-কুশলী আৰু কৰ্মচাৰীসকলক ধন্যবাদ জ্ঞাপন কৰে আৰু দেশখনৰ সুন্দৰ লোকেচনসমূহত দৃশ্যগ্ৰহণ কৰি সুখ অনুভৱ কৰিছে।
শ্বাহৰুখ খানে চৌদি আৰৱৰ সংস্কৃতি আৰু চলচ্চিত্ৰ মন্ত্ৰালয়ক দৰ্শনীয় স্থানত দৃশ্যগ্ৰহণ কৰাৰ অনুমতি দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। তাৰ পিছত তেওঁ দোৱা কৰিবলৈ মক্কাত উপস্থিত হয়। উল্লেখ্য যে, ৰাজকুমাৰ হিৰাণীৰ 'ডাঙ্কি' ছবিখনৰ মুখ্য মহিলা চৰিত্ৰ হ'ল তাপসী পান্নু। চলচ্চিত্ৰখন এই বছৰৰ এপ্ৰিলত ঘোষণা কৰা হৈছিল। ৰাজকুমাৰ হিৰাণী আৰু শ্বাহৰুখ খানে নিৰ্মাণ কৰা এয়া হৈছে প্ৰথমখন ছবি। 
উল্লেখ্য যে, ডাঙ্কিৰ উপৰিও শ্বাহৰুখ খানৰ আৰু দুখন চলচ্চিত্ৰ অহা বছৰৰ আৰম্ভণিতে মুক্তি পাব। সেয়া হৈছে, 'জোৱান' আৰু 'পাঠান'। শ্বাহৰুখ খানক 'পাঠান'ত দীপিকা পাডুকন আৰু জন আব্ৰাহামৰ সৈতে দেখা যাব।