বাংগালুৰু
অভিনেতা শক্তি কাপুৰৰ পুত্ৰ সিদ্ধান্তক বেংগালুৰুৰ এখন হোটেলত এক পাৰ্টিৰ সময়ত ড্ৰাগছ সেৱন কৰাৰ অভিযোগত আটক কৰা হৈছে বুলি সোমবাৰে আৰক্ষীয়ে জানিবলৈ দিয়ে।
এক গোপন সূত্ৰৰ জৰিয়তে আৰক্ষীয়ে পাৰ্ক হোটেলৰ পাৰ্টিত তালাচী চলায় আৰু চিকিৎসা পৰীক্ষাৰ বাবে প্ৰায় ৩৫ জন অতিথিৰ নমুনা প্ৰেৰণ কৰে। পাঁচজন অতিথিৰ ড্ৰাগছৰ পৰীক্ষাৰ ফলাফল পজিটিভ আছিল আৰু সিদ্ধান্ত কাপুৰ তেওঁলোকৰ মাজৰ এজন আছিল।সিদ্ধান্ত কাপুৰক পাৰ্টিত ডিজে হিচাপে আমন্ত্ৰণ জনোৱা হৈছিল। হোটেলখনত তালাচী চলায় আৰক্ষীয়ে পাঁচজন লোকক জিম্মাত লৈছে।
পূব বিভাগৰ জিলা আৰক্ষী প্ৰধান ভীমাশংকৰ এছ গুলেদে কয়ো, "সিদ্ধান্ত কাপুৰকে ধৰি মুঠ পাঁচজন লোকক ড্ৰাগছ সেৱনৰ বাবে পৰীক্ষা কৰাৰ পিছত গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁলোক সকলোকে নাৰ্কোটিক ড্ৰাগছ এণ্ড চাইকোট্ৰপিক চাবষ্টেন্স (এন ডি পি এছ) আইনৰ অধীনত অভিযুক্ত কৰা হৈছে।"
গুলেদে কৈছিল যে তেওঁলোকৰ পাঁচোজনকে সোমবাৰে আবেলি আদালতত হাজিৰ কৰোৱা হ'ব। অৱশ্যে, তেওঁলোকে হোটেলত ড্ৰাগছ সেৱন কৰিছিল নে বাহিৰত ড্ৰাগছ সেৱন কৰাৰ পিছত পাৰ্টিলৈ আহিছিল এইটো অস্পষ্ট আছিল বুলি বিষয়াসকলে মন্তব্য কৰিছিল।
ইয়াৰ পূৰ্বে, অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছত বলীউড-ড্ৰাগছৰ সম্পৰ্কৰ অভিযোগৰ সন্দৰ্ভত ২০২০ চনত নাৰ্কোটিক্স কণ্ট্ৰোল ব্যুৰই সিদ্ধান্তৰ ভগ্নী শ্ৰদ্ধা কাপুৰকো সোধা-পোছা কৰিছে।
FEATURED VIDEOS
PISA
HSLC Result Al-Ameen
Dhekiakhowa Bornamghar
Physical challenge no hurdle in Md Gulpham's learning skill
Dustbin distributor Nazrul Islam
Illiterate poet Habil Uddin
Taj Hotel
Gauhati University's Arabic department in good shape
Abdul Barek chooses marathon as his livelihood