পুলক গগৈ আৰু মৃদুলা বৰুৱালৈ আগবঢ়োৱা হৈছে ২০২২ বৰ্ষৰ বিজু ফুকন সোঁৱৰণী বঁটা

Story by  atv | Posted by  Munni Begum • 1 Years ago
বিজু ফুকন সোঁৱৰণী বঁটাৰ প্ৰতিনিধিত্বমুলক ফটো
বিজু ফুকন সোঁৱৰণী বঁটাৰ প্ৰতিনিধিত্বমুলক ফটো
গুৱাহাটী
 
বিশিষ্ট চিত্রশিল্পী, চলচ্চিত্র পৰিচালক পুলক গগৈ আৰু বিশিষ্ট অভিনেত্রী মৃদুলা বৰুৱালৈ ২০২২ বৰ্ষৰ বিজু ফুকন সোঁৱৰণী জীৱনজোৰা সাধনা বঁটা  আগবঢ়োৱা হৈছে। বিজু ফুকন ন্যাসে দুয়োগৰাকী বিশিষ্ট শিল্পীলৈ এই সন্মান আগবঢ়াইছে।  
 
গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত এক সংবাদমেলত  বিজু ফুকন ন্যাসৰ বিষয়ববীয়াই ২০২২ বৰ্ষৰ বিজু ফুকন সোঁৱৰণী বঁটাৰ বিষয়ে ঘোষণা কৰি কয় যে, অহা জানুৱাৰী মাহৰ প্ৰথম সপ্তাহত বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত কৰা হ'ব। জীৱনজোৰা সাধনা বঁটাত থাকিব গামোচা, অংগবস্তু, স্মাৰক আৰু মানপত্ৰ। 
 
বিজু ফুকন ন্যাসৰ হৈ ৰাজশ্ৰী ফুকন আৰু অংশুমান ফুকনে জানিবলৈ দিয়া অনুসৰি, দা ৰয়েল এফেয়া'ৰ সহযোগত এই বঁটা প্ৰদান কৰা হ'ব। চতুর্থ বৰ্ষৰ বাবে আয়োজন কৰা বঁটা প্ৰদান অনুষ্ঠানত আন কেইবাটাও শিতানত সমাজৰ ভিন্ন ক্ষেত্ৰৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক সন্মান জনাব বুলি ন্যাসৰ তৰফৰ পৰা জানিবলৈ দিয়ে।