চলমান খান আৰু তেওঁৰ পিতৃ চেলিম খান লৈ স্বাক্ষৰবিহীন ভাবুকি পত্ৰ

Story by  atv | Posted by  Munni Begum • 1 Years ago
চলমান খান আৰু পিতৃ চেলিম খান
চলমান খান আৰু পিতৃ চেলিম খান
মুম্বাই
 
বলীউড তাৰকা চলমান খান আৰু তেওঁৰ পিতৃ চেলিম খান লৈ এক ভাবুকি পত্ৰ প্ৰেৰণ কৰিছে, এই সন্দৰ্ভত দেওবাৰে মুম্বাই আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে বুলি মন্তব্য কৰে। 
 
এই ঘটনাটো গুৰুত্বপূৰ্ণ হৈ পৰিছে, কিয়নো ২০১৮ চনত চলমান খানক ভাবুকি দিয়া লৰেন্স বিষ্ণোই দলৰ সদস্যসকলে পাঞ্জাৱী গায়ক সিদ্ধু মুজ ৱালাক গুলীয়াই হত্যা কৰাৰ কেইদিনমান পিছতে চলমান খানে ভাবুকি পত্ৰ লাভ কৰিছে। 
 
চলমান খানৰ প্ৰতি লৰেন্স বিষ্ণোই দলৰ মৃত্যুৰ ভাবুকি ১৯৯৮ চনৰ ক'লা বক (black buck) চোৰাং চিকাৰ গোচৰৰ সৈতে জড়িত আছিল, য'ত চলমান খান এজন অভিযুক্ত আছিল।
আৰক্ষীয়ে জনোৱা অনুসৰি, চেলিম খানে চিঠিখন এখন বেঞ্চত পাইছিল যিখন বেঞ্চত তেওঁ প্ৰাতঃভ্ৰমণ কৰাৰ পিছত দৈনিক বহে। তেওঁ পুৱা প্ৰায় ৮ বজাত তেওঁৰ আৰু চলমানৰ নামত চিঠিখন পাইছিল, আৰক্ষীয়ে কয়। 
আৰক্ষীৰ মতে, চলমান খান আৰু তেওঁৰ দেউতাক চেলিম খানক ভাবুকি প্ৰদান কৰা এখন স্বাক্ষৰবিহীন পত্ৰ দেওবাৰে মুম্বাইৰ বান্দ্ৰা বেণ্ডষ্টেণ্ড প্ৰমেনাডৰ ওচৰত পোৱা গৈছিল। লৰেন্স বিষ্ণোই দিল্লীৰ তিহাৰ কাৰাগাৰত বন্দী হৈ আছে আৰু সিদ্ধু মোছে ৱালাৰ হত্যা সন্দৰ্ভত আৰক্ষীয়ে সোধা-পোছা কৰি আছে। 
 
সিদ্ধু মোছে ৱালাক দেওবাৰে জৱাহৰ কে গাঁৱত আক্ৰমণকাৰীৰ এটা দলে গুলীয়াই হত্যা কৰিছিল। পঞ্জাৱ চৰকাৰে তেওঁৰ নিৰাপত্তা ৰক্ষা কৰাৰ এদিন পিছত। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অনুসৰি তেওঁৰ শৰীৰত ১৯ টা গুলীৰ আঘাত আছিল আৰু গুলী বিদ্ধ হোৱাৰ ১৫ মিনিটৰ ভিতৰতে তেওঁৰ মৃত্যু হৈছিল।