প্ৰবীণ অভিনেতা বিক্ৰম গোখলেৰ ৭৭ বছৰ বয়সত মৃত্যু

Story by  atv | Posted by  [email protected] • 1 Years ago
অভিনেতা বিক্ৰম গোখলে
অভিনেতা বিক্ৰম গোখলে
নতুন দিল্লী
 
শনিবাৰে বিয়লি পুনেত ৭৭ বছৰ বয়সত মৃত্যু হয় প্ৰবীণ অভিনেতা বিক্ৰম গোখলেৰ। চিকিৎসালয়খনৰ আনুষ্ঠানিক বিবৃতিত কোৱা হৈছে যে, "আমি এই কথা ঘোষণা কৰি দুখ পাইছো যে বিশিষ্ট অভিনেতা মিষ্টাৰ বিক্ৰম গোখলেৰ আজি বহু অংগ বিকলতাৰ বাবে দীননাথ মংগেশকাৰ চিকিৎসালয়ত মৃত্যু হৈছে।" 
 
কিছুদিনৰ পৰা চিকিৎসালয়ত ভৰ্তি হৈ থকা অভিনেতাগৰাকী লাইফ চাপৰ্টত আছিল। বিক্ৰম গোখলেৰ মৃতদেহ বাল গন্ধৰ্ব সবগ্ৰুহাত ৰখা হ’ব আৰু তাতেই পৰিয়াল আৰু বন্ধু-বান্ধৱীয়ে শেষ শ্ৰদ্ধাঞ্জলি জনাব। শনিবাৰে সন্ধিয়া ৬ বজাত পুনেৰ বৈকুণ্ঠ শ্মশানত অনুষ্ঠিত হ’ব অভিনেতাগৰাকীৰ অন্তুষ্টিক্ৰিয়া অনুষ্ঠান।
 
ইয়াৰ পূৰ্বে শনিবাৰে প্ৰবীণ অভিনেতাগৰাকীক ভৰ্তি কৰা চিকিৎসালয়খনৰ পি আৰ অ’ই তেওঁৰ অৱস্থাৰ এক খবৰ দিছিল আৰু অভিনেতাৰ স্বাস্থ্যৰ “অৱনতি” হোৱা বুলি কৈছিল। চলিত সপ্তাহৰ আৰম্ভণিতে প্ৰবীণগৰাকীৰ মৃত্যুৰ উৰাবাতৰি প্ৰচাৰ হৈছিল, যিটো তেওঁৰ কন্যাই মিছা প্ৰমাণ কৰিছিল।
 
বিক্ৰম গোখলেই তেওঁৰ জীৱন কালত মাৰাঠীৰ লগতে হিন্দী ছবিত অভিনয় কৰিছিল, য’ত অমিতাভ বচ্চনৰ আইকনিক অগ্নিপথ আৰু সঞ্জয় লীলা ভাঞ্চালীৰ হম দিল দে চুকে ছানম, য’ত অভিনয় কৰিছিল ছলমান খান, ঐশ্বৰ্য ৰায় বচ্চন আৰু অজয় ​​দেৱগনে। 
 
শেহতীয়া বছৰবোৰত তেওঁ মিছন মংগল, হিচকি, আইয়াৰী, বেং বেং!, দে ডানা ডান আৰু ভূল ভুলীয়ায়াৰ দৰে বহু ছবিত অভিনয় কৰিছিল। ৪০ বছৰতকৈও অধিক সময়ৰ কেৰিয়াৰত তেওঁ কেইবাটাও টিভি শ্ব’তো অভিনয় কৰিছিল।
বিক্ৰম গোখলে ১৯৭১ চনত অমিতাভ বচ্চনৰ পাৰৱানা ছবিৰে চলচ্চিত্ৰত আত্মপ্ৰকাশ কৰিছিল। ২০১০ চনত মাৰাঠী ছবি অনুমতীত কৰা কামৰ বাবে তেওঁ শ্ৰেষ্ঠ অভিনেতাৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰে। মাৰাঠী ছবি ‘আঘাট’ৰ জৰিয়তেও তেওঁ পৰিচালনাৰ দিশত আগ্ৰাসন কৰে।
 
কামৰ ক্ষেত্ৰত অভিনেতাগৰাকীক শেষবাৰৰ বাবে দেখা গৈছিল মাৰাঠী ছবি গোদাৱৰীত। চলিত বৰ্ষৰ আৰম্ভণিতে তেওঁক নিকাম্মাত দেখা গৈছিল, শিল্পা শ্বেট্টী আৰু অভিমন্যু দছানীৰ সৈতে।