কে কে লৈ ৰাজ্যিক মৰ্যদাৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন পশ্চিম বংগ চৰকাৰৰ

Story by  atv | Posted by  Munni Begum • 1 Years ago
কে কে
কে কে
নতুন দিল্লী
 
কলকাতাৰ এক সংগীতানুষ্ঠানত অংশগ্ৰহণ কৰি থকাৰ সময়তে হঠাতে অসুস্থ হৈ আকস্মিকভাৱে মৃত্যুক আকোৱালি লোৱা জনপ্ৰিয় কন্ঠশিল্পী কে কে লৈ পশ্চিমবংগ চৰকাৰে কলকাতা বিমানবন্দৰত ৰাজ্যিক মৰ্যদাৰে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিন বুলি ঘোষণা কৰিছে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। 
 
খবৰ অনুসৰি ৫৩ বছৰীয়া প্ৰতিষ্ঠিত কন্ঠশিল্পী গৰাকী দক্ষিণ কলকাতাৰ নজৰুল প্ৰেক্ষাগৃহৰ মঞ্চত অনুষ্ঠিত এক সংগীতানুষ্ঠানত সংগীত পৰিবেশন কৰি থকা সময়ত অসহনীয় গৰমৰ ফলত অসুস্থ হৈ পৰিছিল আৰু পিছত সংগীতানুষ্ঠানত আধাতে সামৰিব লগীয়া হৈছিল। তেওঁৰ স্বাস্থ্যৰ যথেষ্ট অৱনিত ঘটাত তেওঁক ততাতয়াকৈ চি এম আৰ আই চিকিৎসালয়লৈ লৈ যোৱা হৈছিল পিছত চিকিৎসালয়ত চিকিৎসকে তেওঁক  মৃত ঘোষণা কৰিছিল। 
ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা ভিডিঅ'বোৰত দেখা গৈছে যে কন্ঠশিল্পী কে কে'ক অনুষ্ঠানস্থলীৰ পৰা বাহিৰলৈ লৈ যোৱাৰ সময়ত তেওঁক যথেষ্ট অসুস্থ হৈ পৰিছিল। তেওঁ প্ৰেক্ষাগৃহৰ মঞ্চৰ পৰা তেওঁৰ হোটেললৈ উভতি গৈছিল, য'ত তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল। জানিব পৰা মতে তেওঁ বুকুৰ বিষত ভুগিছিল আৰু চিকিৎসালয়লৈ যোৱাৰ পথতে মৃত্যু হৈছিল। 
কে কে বা কৃষ্ণকুমাৰ কুন্নাথ বলীউডৰ কেইখনমান ছুপাৰ হিট ছবিৰ গীতৰ বাবে জনপ্ৰিয় আছিল, যেনে 'পাল' আৰু 'য়াৰন' ইত্যাদি। ১৯৯০ ৰ দশকৰ শেষৰ ফালে তেওঁৰ গানবোৰে কিশোৰসকলৰ মাজত মৰ্যাদা লাভ কৰিছিল আৰু স্কুল আৰু কলেজৰ বিদায় আৰু কিশোৰ সাংস্কৃতিক অনুষ্ঠানত তেওঁৰ গীতৰ কলি গুণগুণোৱ সচৰাচৰ দেখা গৈছিল। 
 
শোক প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে কে কেৰ "গীতবোৰে সকলো বয়সৰ লোকৰ মনত বিভিন্ন ধৰণৰ আৱেগ প্ৰতিফলিত কৰিছিল।"
সমগ্ৰ বিশ্বৰ পৰা অনুৰাগীসকলে তেওঁলোকৰ মৰমৰ জনপ্ৰিয় কন্ঠশিল্পী কে কেক বিদায় জনোৱাৰ লগতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছিল।