WhatsApp ৰ পিছত এইবাৰ Instagram ব্যৱহাৰকাৰীয়ে সন্মুখীন হৈছে সমস্যাৰ

Story by  atv | Posted by  Munni Begum • 1 Years ago
WhatsApp ৰ পিছত এইবাৰ Instagram ব্যৱহাৰকাৰীয়ে সন্মুখীন হৈছে সমস্যাৰ
WhatsApp ৰ পিছত এইবাৰ Instagram ব্যৱহাৰকাৰীয়ে সন্মুখীন হৈছে সমস্যাৰ
নতুন দিল্লী
 
বৃহস্পতিবাৰে দেশৰ লগতে বিশ্বৰ বহু প্ৰান্তৰ হাজাৰ হাজাৰ ব্যৱহাৰকাৰীয়ে ফটো শ্বেয়াৰিং এপ ইনষ্টাগ্ৰাম ব্যৱহাৰ কৰাত সমস্যাৰ সন্মুখীন হোৱা বুলি জানিব পৰা গৈছে।
 
বিভিন্ন ৱেবছাইট আৰু সেৱাৰ স্থিতিৰ বিষয়ে ব্যৱহাৰকাৰীসকলক বাস্তৱ-সময়ৰ তথ্য প্ৰদান কৰা এক অনলাইন প্লেটফৰ্ম ডাউনডিটেক্টৰত, বৃহস্পতিবাৰে সন্ধিয়া ভাৰতৰ ৯০০ ৰো অধিক ব্যৱহাৰকাৰীয়ে ইনষ্টাগ্ৰামত প্ৰৱেশ কৰাত সমস্যাৰ সন্মুখীন হয়।  
বহু ব্যৱহাৰকাৰীয়ে বিষয়টো প্ৰতিবেদন কৰিবলৈ মাইক্ৰ'ব্লগিং প্লেটফৰ্ম টুইটাৰলৈ গৈছিল। এগৰাকী ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰীয়ে এটা টুইটত কয়, "গুগল ক্ৰ'ম ব্ৰাউজাৰ ব্যৱহাৰ কৰি ইনষ্টাগ্ৰাম ফ্ৰীজ হৈ যায়। ষ্টোৰীবোৰ চাব নোৱাৰে বা ব্যৱহাৰকাৰীৰ পৃষ্ঠা খুলিব নোৱাৰে। মাত্ৰ ই লোডিং কৰি থাকে।" 
আন এজন ব্যৱহাৰকাৰীয়ে মন্তব্য কৰিছে, "সকলো কাম কৰা বন্ধ হৈ গৈছে। বলপূৰ্বক ইনষ্টাগ্ৰাম বন্ধ কৰিলো আৰু কেচ্ছে ক্লিয়াৰ কৰিলো। আনকি মোৰ ফোনটো পুনৰ আৰম্ভও কৰিলো। কিন্তু একো চাব পৰা পৰা নাই। কোনো পোষ্টত মন্তব্য দিব নোৱাৰি।"  
 
ডাউনডেক্টৰত সন্ধিয়া প্ৰায় ৭:৩০ বজাত বিভ্ৰাটৰ প্ৰতিবেদন বৃদ্ধি পাইছিল আৰু ৫০ শতাংশ ব্যৱহাৰকাৰীয়ে কৈছিল যে তেওঁলোকে লগিং ইনৰ সমস্যাৰ সন্মুখীন হৈছে। ৩৩ শতাংশই চাৰ্ভাৰ সংযোগৰ সমস্যাৰ প্ৰতিবেদন দখিল কৰিছে। আনহাতে আন ১৭ শতাংশ ব্যৱহাৰকাৰীয়ে এপটোৰ সৈতে সমস্যাৰ সাক্ষী হৈছে।