৫ মাহত ভাৰতত বিক্ৰী ১,০০০ কোটিৰ এপলৰ আইফোন

Story by  atv | Posted by  Munni Begum • 1 Years ago
এপলৰ আইফোন
এপলৰ আইফোন
নতুন দিল্লী
 
মাত্র ৫ মাহৰ ভিতৰতে ভাৰতত নিৰ্মাণ কৰা প্ৰায় ১,০০০ কোটি টকা মূল্যৰ আই ফোন বিক্ৰী কৰিছে এপল প্রতিষ্ঠানটোৱে। ২০২৩ চনৰ মাৰ্চলৈ এই পৰিমাণ ২৫ হেজাৰ কোটি টকালৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। বিগত বৰ্ষৰ অনুমানৰ তুলনাত এয়া হ'ব দুগুণ। 
 
এপল প্রতিষ্ঠানটোৱে যোৱা এপ্ৰিলৰ পৰা ভাৰতত নিৰ্মাণ কৰা আইফোন ১১, ১২ আৰু ১৩ ৰপ্তানি কৰি আহিছে। ভাৰতত নিৰ্মাণ হোৱা আই ফোনসমূহ মূলতঃ ইউৰোপ আৰু মধ্যপ্রাচ্যৰ বিভিন্ন দেশলৈ ৰপ্তানি কৰা হয়। কৰোনাৰ পৰৱৰ্তী পৰ্যায়ত এপলে চীনৰ বিপৰীতে ভাৰত, ভিয়েটনাম আৰু মেক্সিকোতহে নিৰ্মাণ প্ৰকল্পৰ পৰিসৰ বৃদ্ধিত অধিক গুৰুত্ব আৰোপ কৰি আহিছে। 
 
এপলে শেহতীয়াকৈ ভাৰতত আইপেডৰ লগতে এয়াৰপডছ আৰু বীট্‌ছ হেডফোনো প্রস্তুত বাবে সাজু হৈছে। এপলৰ হৈ ফক্সকন প্রতিষ্ঠানটোৱে ভাৰতত বীট্‌ছ হেডফোন নির্মাণ কৰিব। আনহাতে চীনৰ যোগানকাৰী লাক্সশ্বেয়াৰে ভাৰতত নিৰ্মাণ কৰিব এপলৰ এয়াৰপডছ।