৫ জি মুকলি হোৱাৰ সম্ভাৱনা আছে এমাহৰ পিছত : কেন্দ্ৰ

Story by  atv | Posted by  [email protected] • 1 Years ago
৫ জি মুকলি হোৱাৰ সম্ভাৱনা  আছে এমাহৰ পিছত : কেন্দ্ৰ
৫ জি মুকলি হোৱাৰ সম্ভাৱনা আছে এমাহৰ পিছত : কেন্দ্ৰ
নতুন দিল্লী
 
দেশত প্ৰায় এমাহৰ পিছত বহু প্ৰত্যাশিত হাই স্পীড ৫ জি মোবাইল সেৱা মুকলি হোৱাৰ সম্ভাৱনা আছে।
 
 
"প্ৰায় এমাহৰ পিছত দেশত ৫ জি মোবাইল সেৱা মুকলি, যিয়ে সকলো খণ্ডৰ উন্নয়নত বহুগুণী প্ৰভাৱ পেলাব। এটা ৬ জি টেকনলজি ইন'ভেছনছ গ্ৰুপও গঠন কৰা হৈছে, যিয়ে থলুৱা ৬ জি ষ্টেকৰ বিকাশৰ দিশত কাম কৰি আছে।" ,” সোমবাৰে এছিয়া আৰু ওচেনিয়া অঞ্চলৰ বাবে আন্তঃৰাষ্ট্ৰীয় দূৰসংযোগ সংঘৰ আঞ্চলিক প্ৰামাণিককৰণ মঞ্চ (আৰ এছ এফ)ৰ উদ্বোধনী অনুষ্ঠানত ভাষণ দি যোগাযোগ ৰাজ্যিক মন্ত্ৰী দেৱুচিন চৌহানে কয়।
 
তেওঁ কয় যে চৰকাৰে থলুৱাভাৱে ডিজাইন কৰা, বিকশিত আৰু নিৰ্মিত উন্নত টেলিকম প্ৰযুক্তিৰ প্ৰচাৰ চলাই আছে, আৰু ফলস্বৰূপে ভাৰতত আজি ঘৰুৱাভাৱে উৎপাদিত ৫জি মোবাইল যোগাযোগ পৰিৱেশ তন্ত্ৰৰ শক্তিশালী ৰূপ আছে।
"এই বছৰৰ শেষলৈকে আমি ভাৰতত ৫জি নেটৱৰ্ক ৰূপায়ণ কৰাত থলুৱাভাৱে বিকশিত, আৰু নিৰ্মিত ৫জি ষ্টেক, নিয়োজিত হোৱা দেখিবলৈ পোৱাৰ সম্ভাৱনা আছে। আমাৰ অভিযন্তাসকলে ৫জি মানদণ্ডৰ এটা ছেট প্ৰস্তুত কৰিছে, যিয়ে ৫জিৰ প্ৰসাৰত সহায় কৰিব।" গ্ৰাম্য অঞ্চলত নেটৱৰ্ক স্থাপন কৰা হৈছে।
 
ডিজিটেল ডিভাইড সম্পৰ্কীয় সমস্যাসমূহ সমাধানৰ বাবে কেন্দ্ৰৰ পদক্ষেপসমূহৰ বিষয়ে কোৱাৰ সময়ত মন্ত্ৰীগৰাকীয়ে কয় যে এই পদক্ষেপসমূহৰ ভিতৰত দেশৰ আটাইকেইখন ৬ লাখ গাঁৱলৈ অপটিকেল ফাইবাৰ লৈ যোৱা, আৰু লগতে এই আটাইকেইখন গাঁও ৪জি মোবাইল যোগাযোগৰ দ্বাৰা সামৰি লোৱা হৈছে।
 
তেওঁ জনোৱা মতে, ইতিমধ্যে প্ৰায় ১,৭৫,০০০ গাঁৱত অপটিকেল ফাইবাৰ যোগান ধৰা হৈছে, আনহাতে প্ৰায় ৫,৬০,০০০ গাঁৱত ৪জি ম’বাইলৰ সুবিধা আছে। বহু কোটি টকীয়া, বিস্তৃত পৰিকল্পনা কৰা হৈছে, যিয়ে ২০২৫ চনৰ ভিতৰত ছয় লাখ গাঁৱতে অপটিকেল ফাইবাৰ আৰু মোবাইল যোগাযোগ নিশ্চিত কৰিব।