নতুন জিঅ' ফোন মুকলি নিশ্চিত কৰিছে সুন্দৰ পিচাইয়ে

Story by  atv | Posted by   Imtiaz Ahmed • 2 Years ago
জিঅ' ফোন স্মাৰ্টফোন
জিঅ' ফোন স্মাৰ্টফোন
নতুন দিল্লী

উৎসৱৰ বতৰত ৰিলায়েন্স জিঅ'ই শীঘ্ৰেই ইয়াৰ পৰৱৰ্তী হেণ্ডছেট মুকলি কৰিবলৈ সাজু হোৱাৰ লগে লগে, এলফাবেট আৰু গুগলৰ মুখ্য কাৰ্যবাহী বিষয়া সুন্দৰ পিচাইয়ে কয় যে তিনি-পাঁচ বছৰৰ ভিতৰত, সুলভ জিঅ' ফোন নেক্সট ডিভাইচে লাখ লাখ লোকক স্মাৰ্টফোনৰ সুবিধা লোৱাৰ লগতে সংযোগ কৰাত আৰু সহায় কৰাত যথেষ্ট প্ৰভাৱ পেলাব।

আহিবলগীয়া জিঅ' ফোন নেক্সট (next) স্মাৰ্টফোনত এণ্ড্ৰইডৰ দ্বাৰা চালিত প্ৰগতি অ'এছ থাকিব। যাক বিশেষভাৱে ভাৰতৰ বাবে নিৰ্মিত এক বিশ্বমানৰ অপাৰেটিং চিষ্টেম হিচাপে গণ্য কৰা হয়।

তেওঁলোকে চেষ্টা কৰিছে যে অধিক লোকে এই স্মাৰ্টফোনৰ সুবিধা লাভ কৰক।

ডিভাইচটো গুগল এচিষ্টেণ্ট, স্বয়ংক্ৰিয় পঢ়া-শুনা ক্ষেত্ৰত আৰু যিকোনো অন-স্ক্ৰীণ পঢ়াৰ বাবে ভাষা অনুবাদ, ভাৰত-কেন্দ্ৰিক ফিল্টাৰৰ সৈতে এক স্মাৰ্ট কেমেৰা আৰু বহুতো সুবিধাৰে নিৰ্মাণ কৰা হৈছে।

পিচাইয়ে প্ৰকাশ কৰিছে  যে তেওঁ জিঅ' ফোন নেক্সটক এক ডিজিটেল পৰিৱৰ্তনৰ বাবে সৃষ্টি কৰিছে।
পিচাই কয়, "এয়া ডিজিটেল ৰূপান্তৰৰ এটি সংস্কৰণ। মই ভাবো ৩-৫ বছৰৰ সময়সীমাত, জিঅ' ফোনটোৱে যথেষ্ট প্ৰভাৱ পেলাব। কিন্তু সামগ্ৰিকভাৱে, ভাৰত আমাৰ বাবে এক ৰোমাঞ্চকৰ বজাৰ হৈ আছে। আমি জড়িত ক্ষেত্ৰবোৰত শক্তি দেখিছোঁ, আৰু আপোনালোকে সেই ক্ষেত্ৰবোৰত আমাক মনোনিৱেশ কৰা দেখিব"।
ডিভাইচটোত সকলো এণ্ড্ৰইড এপ্ থাকিব। যাক ব্যৱহাৰকাৰীসকলে গুগল প্লে-ষ্টোৰৰ জৰিয়তে ডিভাইচটোত ডাউনলোড কৰি ব্যৱহাৰ কৰিব পাৰিব।

পাঁচ বছৰৰ ভিতৰত, জিঅ' ভাৰতৰ এক ঘৰুৱা নাম হৈ পৰিছে। ৪৩০ নিযুত ব্যৱহাৰকাৰীৰ সৈতে ইয়াৰ সেৱাবোৰ ভূগোল, অৰ্থনৈতিক আৰু সামাজিক শ্ৰেণীত বিস্তৃত।

জিঅ' ফোন নেক্সটৰ সৈতে, কোম্পানীটোৱে ভাৰতত ডিজিটেল সংযোগৰ গণতান্ত্ৰিককৰণৰ দৃষ্টিভংগীৰ দিশত এক নিৰ্ণায়ক পদক্ষেপ লোৱাৰ লক্ষ্য কৰিছে।