গুগল ইণ্ডিয়াৰ নীতি মুৰব্বী অৰ্চনা গুলাতীৰ পদত্যাগ

Story by  atv | Posted by  Munni Begum • 1 Years ago
গুগল ইণ্ডিয়াৰ নীতি মুৰব্বী অৰ্চনা গুলাতীৰ পদত্যাগ
গুগল ইণ্ডিয়াৰ নীতি মুৰব্বী অৰ্চনা গুলাতীৰ পদত্যাগ
নতুন দিল্লী
 
গুগল ইণ্ডিয়াৰ চৰকাৰী বিষয় আৰু জননীতিৰ মুৰব্বী অৰ্চনা গুলাতীয়ে পদৰ পৰা পদত্যাগ কৰিছে। চৰকাৰী সেৱা এৰি মাত্ৰ পাঁচ মাহ আগতে তেওঁ গুগলত যোগদান কৰিছিল। আই আই টি-দিল্লীৰ পৰা পি এইচ ডি কৰা অৰ্থনীতিৰ স্নাতক গুলাতী নিটি আয়োগৰ যুটীয়া সম্পাদক (ডিজিটেল যোগাযোগ) আছিল।
 
বিষয়টো সন্দৰ্ভত অৱগত সূত্ৰই জনোৱা মতে, গুগল ইণ্ডিয়াৰ পৰা অৰ্চনা গুলাতীয়ে পদত্যাগ কৰিছে। যোগাযোগ কৰাত গুলাতী আৰু গুগল দুয়োজনেই এই সন্দৰ্ভত কোনো মন্তব্য দিবলৈ অস্বীকাৰ কৰিছে। 
 
গুগলৰ পৰা কিয় পদত্যাগ কৰিলে সেয়া জানিব পৰা হোৱা নাছিল। এনে সময়তে এই পদত্যাগ কৰা হৈছে যেতিয়া ভাৰতত গুগলে ধাৰাবাহিকভাৱে এণ্টি ট্ৰাষ্ট গোচৰ আৰু কঠোৰ প্ৰযুক্তি খণ্ডৰ নিয়মাৱলীৰ সন্মুখীন হৈছে।