ভাৰতৰ বজাৰত এইচ পিৰ নতুন লেপটপ মুকলি

Story by  atv | Posted by  Munni Begum • 1 Years ago
এইচ পি লেপটপ
এইচ পি লেপটপ
নতুন দিল্লী 
 
এইচ পি প্রতিষ্ঠানটোৱে মুকলি কৰিছে কেইবাটাও নতুন লেপটপ। ইয়াৰ ভিতৰত আছে এইচ পি পেভিলিয়ন ১৫, এইচ পি পেভিলিয়ন ১৪ আৰু এইচ পি পেভিলিয়ন এক্স ৩৬০। 
 
উন্নত মানৰ প্লাষ্টিক আৰু ৰিচাইক্লিং কৰা এলুমিনিয়ামেৰে নিৰ্মাণ কৰা হৈছে এই লেপটপকেইটাৰ বহির্ভাগ। ইণ্টেলৰ ১২ জেনেৰেচনৰ প্ৰচেছৰযুক্ত এই শক্তিশালী লেপটপসমূহত সংযোজন ঘটিছে কেই বাটাও অত্যাধুনিক বৈশিষ্ট্যৰ।
 
এই লেপটপকেইটা বার্ম গল্ড, নেচাবেল ছিলভাৰ আৰু যুগ ব্লু ৰঙত গ্রাহকে ক্রয় কৰিব পাৰিব। এই শ্রেণীৰ লেপটপসমূহৰ প্ৰাৰম্ভিক মূল্য ৫৯,৯৯৯ টকা।