ভাৰতত নির্মিত ছেঞ্চ'ৰ স্মার্ট সামগ্ৰী মুকলি

Story by  atv | Posted by  Munni Begum • 1 Years ago
 ভাৰতত নির্মিত ছেঞ্চ'ৰ স্মার্ট সামগ্ৰী মুকলি
ভাৰতত নির্মিত ছেঞ্চ'ৰ স্মার্ট সামগ্ৰী মুকলি
নতুন দিল্লী
 
১০০ শতাংশ ভাৰতত নির্মিত স্মার্ট ডিভাইচৰ ব্ৰেণ্ড ছেঞ্চে যোৱা ২১ ছেপ্টেম্বৰত মুকলি কৰিছে বিস্তৃত ৰেঞ্জৰ সামগ্রী। উৎসৱৰ প্ৰাকক্ষণত ছেঞ্চে স্মার্টঘড়ী, টি ডব্লিউ এছ ইয়েৰবাড, নেকবেণ্ড আৰু আন মুঠ ১১ বিধ পৰিধানযোগ্য সামগ্রী মুকলিৰ কথা ঘোষণা কৰিছে। 
 
এই সামগ্ৰীসমূহ এমাজনত বিশেষভাৱে উপলব্ধ হ'ব। মুকলি কৰা সামগ্ৰীসমূহৰ ভিতৰত অন্যতম আইনষ্টাইন ১ স্মার্ট ঘড়ীৰ মূল্য হৈছে ৩,০৯৯ টকা। 
 
যুৱ প্ৰজন্মৰ প্রয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি ছেঞ্চ সামগ্ৰীসমূহত উদ্যোগটোৰ ভিতৰতে প্ৰথম ট্রেডমার্কযুক্ত প্রযুক্তি আগবঢ়োৱা হৈছে। এনেবোৰৰ ভিতৰত আছে আই আই চি (ইন্টেলিজেন্ট ইনষ্টা কনেক্ট)। এই প্ৰযুক্তিৰ জৰিয়তে মেগনেটিক ইয়েৰবাডেৰে নেকবেণ্ড স্বয়ংক্রিয়ভাৱে সংযোগ হ'ব।