মহিন্দ্ৰা XUV 300ৰ 'টাৰ্বস্প'ৰ্ট' মুকলি

Story by  atv | Posted by  Munni Begum • 1 Years ago
মহিন্দ্ৰা XUV 300ৰ 'টাৰ্বস্প'ৰ্ট' মুকলি
মহিন্দ্ৰা XUV 300ৰ 'টাৰ্বস্প'ৰ্ট' মুকলি
নতুন দিল্লী
 
ঘৰুৱা গাড়ী নির্মাতা প্রতিষ্ঠান মহিন্দ্ৰা এণ্ড মহিন্দ্ৰাই গ্ৰাহক সকলৰ বাবে তেওঁলোকৰ অতি জনপ্ৰিয় মডেল XUV 300ৰ 'টাৰ্বস্প'ৰ্ট' সংস্কৰণ মুকলি কৰিছে। 
 
এই নতুন সংস্কৰণখনৰ প্ৰাৰম্ভিক মূল্য হৈছে ১০.৩৫ লাখ টকা আৰু সর্বোচ্চ মূল্য ১২.৯০ লাখ টকা। ১০ অক্টোবৰৰ পৰা গাড়ীখনৰ বুকিং আৰু যোগান প্ৰক্ৰিয়া আৰম্ভ কৰা হ'ব। গাড়ীখনে ১৭ৰ পৰা ২০ কিলোমিটাৰ পৰ্যন্ত মাইলেজ আগবঢ়াব। 
 
গাড়ীখনৰ ভিতৰচ'ৰাত ৭ ইঞ্চিৰ ইনফ'টেইনমেণ্ট ছিষ্টেম, ব্লুটুথ কানেক্টিভিটি, ইউ এছ বি, অক্স কানেক্টিভিটি, এন্ড্রয়ড অট' আৰু এপল কাৰপ্লে কানেক্টিভিটিৰ দৰে সুবিধা আগবঢ়োৱা হৈছে।