নতুন ৰূপত মুকলি মাৰুতি ছুজুকীৰ ব্রেজা

Story by  atv | Posted by  Munni Begum • 1 Years ago
প্ৰতিনিধিত্বমুলক ফটো
প্ৰতিনিধিত্বমুলক ফটো
গুৱাহাটী
 
ইতিমধ্যে এছ ইউ ভি শাখাৰ গাড়ীৰ বজাৰত পৰিসৰ বৃদ্ধি কৰিবলৈ সক্ষম হোৱা মাৰুতি ছুজুকীয়ে এইবাৰ নতুন ৰূপত মুকলি কৰিছে ব্রেজা বাহনখন। নতুনকৈ মুকলি হোৱা এই গাড়ীখনৰ পাৰম্ভিক মূল্য ৭.৯৯ লাখ টকা। 
 
মাৰুতি ছুজুকী এৰেনা ডীলাৰৰ যোগেদি এই  বাহনখন বিক্রী প্রক্রিয়া অব্যাহত থাকিব। পূৰ্বৰ ব্ৰেজাৰ তুলনাত অধিক উন্নত প্রযুক্তি ব্যৱহাৰ কৰা হৈছে  বাহনখনত। 
১.৫ লিটাৰ কে ১৫ চি ইঞ্জিন সংযোগ কৰা গাড়ীখন ৫ স্পীডৰ মেনুৱেল গিয়েৰ বক্স আৰু ৬ স্পীডৰ স্বয়ংক্রিয় সংস্কৰণত মুকলি কৰা হৈছে। প্ৰতিষ্ঠানটোৱে দাবী কৰা অনুসৰি নতুন ব্ৰেজাৰ মেনুৱেল সংস্কৰণৰ মাইলেজ প্রতি লিটাৰত ২০.১৫ কিলোমিটাৰ আৰু স্বয়ংক্রিয় সংস্কৰণৰ মাইলেজ ১৯.৮ কিলোমিটাৰ।
এই গাড়ীখনে হুণ্ডাই ভেনু, কিয়া ছনেট, টাটা নেক্সন, বেন' কাইগাৰ, মহিন্দ্ৰা এক্স ইউ ভি ৩০০ আৰু নিছান মেগনাইট গাড়ীকেইখনক প্ৰত্যাহ্বান জনাব।