নতুন স্মার্টফোন ৱানপ্লাছ ১০টি মুকলি

Story by  atv | Posted by  Munni Begum • 1 Years ago
নতুন স্মার্টফোন ৱানপ্লাছ ১০টি
নতুন স্মার্টফোন ৱানপ্লাছ ১০টি
নতুন দিল্লী
 
ৱানপ্লাছে বিশ্বজুৰি মুকলি কৰিছে নতুন স্মার্টফোন ৱানপ্লাছ ১০টি। প্ৰাৰম্ভিক ৪৯,৯৯৯ টকা মূল্যত এই স্মার্টফোনটোত ৮ জিবি ৰেম, ১২৮ জিবি মেম'ৰি, ১২ জিবি ৰেম, ২৫৬ জিবি মেম'ৰি, ১৬ জিবি ৰেম, ২৫৬ জিবি মেম'ৰিৰ প্ৰকাৰত আগবঢ়োৱা হৈছে। 
 
স্মার্টফোনটোৰ সৰ্বোচ্চ মূল্য হৈছে ৫৫,৯৯৯ টকা। ইয়াত ৬.৭ ইঞ্চিৰ সম্পূৰ্ণ এইচ ডি পাছ ডিছপ্লে, ৪৮০০ এম এ এইচ বেটাৰি, ৫০ মেগাপিক্সেলসহ ত্রিপ'ল ৰিয়েৰ কেমেৰা, ৩২ মেগাপিক্সেল ছেলফী কেমেৰা সংযোগ কৰা হৈছে। 
 
গ্রাহকে ই-কমার্চ আৰু ৱানপ্লাছৰ ৱেবছাইটৰ জৰিয়তে আই চি আই চি আই বেংক আৰু এছ বি আই কার্ড ব্যৱহাৰ কৰি এই স্মার্টফোনটো ক্রয় কৰিলে ৫,০০০ টকাৰ তাৎক্ষণিক ৰেহাই লাভ কৰিব। প্ৰতিষ্ঠানটোৱে দাবী কৰা অনুসৰি এই ফোনটো মাত্র ১৯ মিনিটতে সম্পূর্ণ চার্জ হ'ব।