এতিয়াৰে জুই নিৰ্বাপনৰ বাবে ব্যৱহাৰ কৰা হ'ব ৰ’ব’ট

Story by  atv | Posted by  Munni Begum • 1 Years ago
জুই নিৰ্বাপনৰ বাবে ব্যৱহাৰ কৰা ৰ’ব’টৰ প্ৰতিনিধিত্বমুলক ফটো
জুই নিৰ্বাপনৰ বাবে ব্যৱহাৰ কৰা ৰ’ব’টৰ প্ৰতিনিধিত্বমুলক ফটো
গুৱাহাটী 
 
অগ্নিনিৰ্বাপক বাহিনীৰ জুই নিৰ্বাপনৰ ক্ষমতা আৰু বৃদ্ধি পালে। দিল্লী অগ্নিনিৰ্বাপক বাহিনীত অন্তৰ্ভুক্ত কৰা হৈছে এটা ৰ’ব’ট।
 
এই ৰ’ব’টটো জটিলতকৈ জটিল পৰিস্থিতিতো জুই নিৰ্বাপন কৰাৰ সহায়ক হ’ব। এই ৰ’ব’টটোৰ ব্যৱহাৰৰ ফলত কোনো অগ্নিনিৰ্বাপন বাহিনীৰ জোৱানৰ জীৱনৰ প্ৰতি ভাবুকি নাহে। 
প্ৰথমবাৰলৈ ভাৰতলৈ অনা এই জুই নিৰ্বাপনৰ ৰ’ব’টৰ মূল্য প্ৰায় ৭ কোটি টকা। উল্লেখ্য যে, দিল্লীৰ যিবোৰ পথত অগ্নিনিৰ্বাপক বাহিনীৰ বাহন যাব নোৱাৰে, তেনে ঠেক পথসমূহতো যাব পাৰিব এই ৰ’ব’টটো। যাৰ ফলত জুই নিৰ্বাপন অতি শীঘ্ৰে আৰু সহজে কৰিব পৰা যাব।
জানিব পৰা মতে, এই ৰ’ব’টটো ৬০ ৰ পৰা ১০০ মিটাৰ দূৰলৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হ'ব আৰু জুইৰ ওপৰত ৫ কিলোমিটাৰ প্ৰতি ঘন্টাৰ গতিত আৰু ৩ হাজাৰ লিটাৰ প্ৰতি মিনিটত পানী স্প্ৰে’ কৰিব।