ভাৰতৰ বজাৰত ৰয়েল এনফিল্ডে মুকলি কৰিছে স্ক্ৰেম ৪১১ বাহন

Story by  atv | Posted by  Munni Begum • 2 Years ago
ৰয়েল এনফিল্ডৰ স্ক্ৰেম ৪১১ বাহন
ৰয়েল এনফিল্ডৰ স্ক্ৰেম ৪১১ বাহন
চেন্নাই
 
জনপ্রিয় দুচকীয়া বাহনৰ ব্ৰেণ্ড ৰয়েল এনফিল্ডে শেহতীয়াকৈ ভাৰতৰ বজাৰত মুকলি কৰিছে স্ক্ৰেম ৪১১ বাহনখন। বিভিন্ন অত্যাধুনিক প্রযুক্তি সংযোজনেৰে নিৰ্মাণ কৰা এই বাহনখন ২০১৬ চনত মুকলি কৰা হিমালয়ান বাহনখনৰ আৰ্হিত ডিজাইন কৰা হৈছে। 
 
সম্প্রতি যুৱ প্ৰজন্মৰ মাজত সর্বাধিক বিক্ৰী হোৱা বাহন হিচাপে পৰিগণিত হৈছে হিমালয়ান বাহনখন। হিমালয়ানে গ্ৰাহকৰ পৰা লাভ কৰা সঁহাৰিৰ প্ৰতি লক্ষ্য ৰাখিয়েই ৰয়েল এনফিল্ডে এতিয়া স্ক্রেম ৪১১ বাহনখন মুকলি কৰিছে। 
 
দুঃসাহসিক ক্ৰীড়াৰ বাবে বিশেষভাৱে এই বাহনখন প্রস্তুত কৰা হৈছে বুলি জানিবলৈ দিয়ে প্রতিষ্ঠানটোৰ কাৰ্যবাহী সঞ্চালক বি গোবিন্দ ৰাজনে। 
ইতিমধ্যে ইয়াৰ টেষ্ট ড্ৰাইভ আৰু বুকিং প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে। তিনিটাকৈ সংস্কৰণৰ সাতটা ৰঙত মুকলি কৰা বাহনখনৰ প্ৰাৰম্ভিক মূল্য ২,০৩,০৮৫ টকা।