দ্রুত হাৰত বৃদ্ধি ৫ জি ম'বাইল হেণ্ডছেটৰ বিক্ৰী

Story by  atv | Posted by  Munni Begum • 1 Years ago
দ্রুত হাৰত বৃদ্ধি ৫ জি ম'বাইল হেণ্ডছেটৰ বিক্ৰী
দ্রুত হাৰত বৃদ্ধি ৫ জি ম'বাইল হেণ্ডছেটৰ বিক্ৰী
নতুন দিল্লী
 
যোৱা ১ অক্টোবৰৰ পৰা দেশৰ কেইখনমান চহৰত ৫ জি সেৱা আৰম্ভ হোৱাৰ সময়তে দ্রুত হাৰত বিক্ৰী বৃদ্ধি পাইছে ৫ জি ম'বাইল হেণ্ডছেটৰ। ইতিমধ্যে ভাৰতী এয়াৰটেল প্রতিষ্ঠানটোৱে নির্বাচিত চহৰত তেওঁলোকৰ গ্ৰাহকলৈ ৫ জি সেৱাৰ সুবিধা আগবঢ়োৱাৰ বিপৰীতে ৰিলায়েন্স জিঅ' প্রতিষ্ঠানটোৱে কেইখনমান চহৰত ৫ জিৰ পৰীক্ষামূলকভাৱে আৰম্ভণি কৰিছে। 
 
বর্তমান ভাৰতত ব্যৱহাৰ হৈ থকা স্মার্টফোনসমূহৰ ভিতৰত  ৮ৰ পৰা ৯ শতাংশই হৈছে ৫ জি ম'বাইল হেণ্ডছেট। চলিত বৰ্ষৰ এপ্ৰিলৰ পৰা আগষ্টৰ ভিতৰত বিক্ৰী হোৱা ৩০ শতাংশ ম'বাইল হেণ্ডছেটেই হৈছে ৫ জি প্রযুক্তিসম্পন্ন। এই সময়ছোৱাত দেশৰ বজাৰত বিক্ৰী হৈছে ২০ নিযুত ৫ জি ম'বাইল হেণ্ডছেট। 
 
৫ জি ম'বাইল হেণ্ডছেট বিক্ৰীৰ ক্ষেত্ৰত ২৬ শতাংশ বজাৰ অংশীদাৰিত্বৰে শীৰ্ষত আছে ছেমছাং প্রতিষ্ঠানটো। ১৫ শতাংশ বজাৰ অংশীদাৰিত্বৰে দ্বিতীয় স্থানত আছে ছাঅ'মি। ৫ জি ম'বাইল হেণ্ডছেট বিক্ৰীৰ তালিকাত এই দুটা প্ৰতিষ্ঠানৰ পিচতে আছে ক্রমে ৱানপ্লাছ, ভিভো, এপল' ইত্যাদি।