ছেমছাঙে মুকলি কৰিলে নতুন স্মার্টফোন গেলেক্সি এ৫৩ ৫জি

Story by  atv | Posted by  Munni Begum • 2 Years ago
ছেমছাং গেলেক্সি এ৫৩ ৫জি
ছেমছাং গেলেক্সি এ৫৩ ৫জি
নতুন দিল্লী
 
দক্ষিণ কোৰিয়াৰ প্ৰতিষ্ঠান ছেমছাঙে ভাৰতত মুকলি কৰিলে ইয়াৰ নতুন স্মার্টফোন গেলেক্সি এ৫৩ ৫জি। ৬ জি বি ৰেম, ১২৮ জি বি মেম'ৰি আৰু ৮ জি বি ৰেম, ১২৮ জিবি মেমৰিৰ প্ৰকাৰত মুকলি কৰা এই স্মার্টফোনটোৰ মূল্য হৈছে ক্ৰমে ৩৪,৪৯৯ টকা আৰু ৩৫,৯৯৯ টকা। 
 
মুকলিৰ অফাৰ হিচাপে আই চি আই চি আই বেংকৰ ক্রেডিট কাৰ্ডেৰে স্মার্টফোনটোৰ অগ্রিম বুকিং কৰিলে ৩ হেজাৰ টকাৰ তাৎক্ষণিক কেছবেক আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে ছেমছাঙে। এই ফোনটো প্রতিষ্ঠানটোৰ নিজা ৱেবছাইটত অগ্রিম বুকিং কৰিব পাৰিব আৰু ইয়াৰ যোগান প্রক্রিয়া আৰম্ভ হ'ব ২৭ মাৰ্চৰ পৰা। 
 
চাৰিটা ভিন্ন ৰঙত মুকলি কৰা এই স্মার্টফোনটোত সংযুক্ত কৰা হৈছে ৬.৫ ইঞ্চিৰ সম্পূৰ্ণ এইচ ডি গাছ ছুপাৰ এম’লেট ডিছপ্লে, ৫০০০ এম এ এইচ বেটাৰি, এল ই ডি ফ্লেচৰ সৈতে ৬৪ মেগাপিক্সেলসহ চাৰিটা ৰিয়েৰ কেমেৰা, ৩২ মেগাপিক্সেল ফ্রন্ট কেমেৰা ইত্যাদি বৈশিষ্ট্য।