টাটা মটৰছে মুকলি কৰিছে টাটা এল্ট্ৰ'জৰ ডি চি টি

Story by  atv | Posted by  Munni Begum • 2 Years ago
 টাটা এল্ট্ৰ'জৰ ডি চি টি
টাটা এল্ট্ৰ'জৰ ডি চি টি
নতুন দিল্লী 
 
ঘৰুৱা বাহন নির্মাতা প্রতিষ্ঠান টাটা মটৰছে ইয়াৰ জনপ্ৰিয় বাহন এল্ট্ৰ'জৰ স্বয়ংক্রিয় সংস্কৰণ টাটা এল্ট্ৰ'জৰ ডি চি টি মুকলি কৰিছে। এই নতুন সংস্কৰণখনৰ প্ৰাৰম্ভিক মূল্য হৈছে ৮.১০ লাখ টকা। 
 
যোৱা ২ মাৰ্চৰ পৰাই ২১ হেজাৰ টকাৰ আগধনত আৰম্ভ কৰা হৈছিল বাহনখনৰ অগ্রিম বুকিং প্রক্রিয়া। বাহনখনৰ শীর্ষ মডেলটোৰ মূল্য হৈছে ৯.৯০ লাখ টকা। এই বাহনখনত ৭ ইঞ্চিৰ টাচ্চস্ক্রীন ইনফ 'টেইনমেণ্ট ছিষ্টেমৰ দৰে প্রিমিয়াম বৈশিষ্ট্য আগবঢ়োৱা হৈছে। 
 
তদুপৰি পুশ্ব-বাটাম ষ্টাৰ্ট-ষ্টপৰ সৈতে কীলেছ এন্ট্রি, স্বয়ংক্রিয় বতৰ নিয়ন্ত্রণ, স্বয়ংক্রিয় হেডলাইটৰ দৰে বৈশিষ্ট্য সংযোগ কৰা হৈছে। ইয়াত নতুনকৈ অট' পার্ক লকৰ সুবিধাও আগবঢ়োৱা হৈছে। যিয়ে চালকে কোনো কাৰণত বাহনখন লক কৰিবলৈ পাহৰি গ'লে স্বয়ংক্রিয়ভাৱে এই বৈশিষ্ট্যই পার্ক মুড সক্ৰিয় কৰিব।