মৰিছ গেৰেজে মুকলি কৰিব বৈদ্যুতিক বাহন ই ২৩০

Story by  atv | Posted by  Munni Begum • 2 Years ago
মৰিছ গেৰেজেৰ বৈদ্যুতিক বাহনৰ প্ৰতিনিধিত্বমুলক ফটো
মৰিছ গেৰেজেৰ বৈদ্যুতিক বাহনৰ প্ৰতিনিধিত্বমুলক ফটো
নতুন দিল্লী
 
ভাৰতৰ বজাৰত এখন ব্যয়সাধ্য মূল্যৰ বৈদ্যুতিক বাহন ই ২৩০ মুকলি কৰাৰ পৰিকল্পনা কৰিছে ব্ৰিটেইনৰ আগশাৰীৰৰ গাড়ী নির্মাতা প্রতিষ্ঠান মৰিছ গেৰেজে (এম জি)। 
 
বিভিন্ন দেশৰ বজাৰত বিক্ৰীৰ বাবে নিৰ্মাণ কৰিবলগীয়া এই বৈদ্যুতিক বাহনখন ভাৰতীয় উপমহাদেশৰ আন দেশতো মুকলি কৰা হ'ব।
দুখন দর্জাযুক্ত এই বাহনখনত থাকিব ২০ কিলোহার্টজৰ শক্তিশালী বেটাৰি। যাৰ ফলত এবাৰ সম্পূৰ্ণকৈ চার্জ কৰাৰ পিচত গাড়ীখনে ১৫০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিবলৈ সক্ষম হ'ব। 
গাড়ীখনৰ বজাৰ মূল্য ১০ লাখ টকাতকৈ কম হোৱাৰ সম্ভাৱনা আছে। এনে হ'লে এই গাড়ীখনেই হ’ব ভাৰতৰ বজাৰৰ আটাইতকৈ কম মূল্যৰ বিদ্যুৎচালিত বাহন।