দেশত নতুনকৈ ক'ভিড-১৯ ত আক্ৰান্ত ৪,৫১৮

Story by  atv | Posted by  Munni Begum • 1 Years ago
ক'ভিড-১৯ ৰ প্ৰতিনিধিত্বমুলক ফটো
ক'ভিড-১৯ ৰ প্ৰতিনিধিত্বমুলক ফটো
নতুন দিল্লী 
 
স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি,যোৱা ২৪ ঘণ্টাত দেশত নতুনকৈ ক'ভিড-১৯ ত আক্ৰান্ত হৈছে ৪,৫১৮। সামগ্ৰিক ক'ভিড-১৯ত আক্ৰান্তৰ সংখ্যা ৪৩,১৮১,৩৩৫ লৈ বৃদ্ধি পাইছে। ইয়াৰপূৰ্বে দেওবাৰে, ৪,২৭০ জন আক্ৰান্ত হৈছিল। দেওবাৰৰ পৰা মুঠ ৯ জনৰ মৃত্যু হৈছে। সামগ্ৰিক মৃত্যুৰ সংখ্যা ৫,২৪,৭০১ হৈছে। দেশখনত মৃত্যুৰ হাৰ বৰ্তমান ১.২২ শতাংশ। 
 
যোৱা ২৪ ঘণ্টাত মুঠ ২,৭৭৯ জন লোক আৰোগ্য হৈছে। মুঠ পুনৰুদ্ধাৰ হৈছে ৪,২৬,৩০,৮৫২ জন। পুনৰুদ্ধাৰৰ হাৰ বৰ্তমান ৯৮.৭৩ শতাংশ। ভাৰতৰ বৰ্তমান  সক্ৰিয় সংক্ৰমণৰ সংখ্যা ২৫,৭৮২। মুঠ সংক্ৰমণৰ হাৰ ০.০৬ শতাংশ। দৈনিক পজিটিভিতিৰ হাৰ হৈছে ১.৬২ শতাংশ। আনহাতে সাপ্তাহিক পজিটিভিতিৰ হাৰ ০.৯১ শতাংশ। 
এতিয়ালৈ মুঠ ৮৫.২৯ কোটি নমুনা পৰীক্ষা কৰা হৈছে। যোৱা ২৪ ঘণ্টাত ২,৭৮,০৫৯ টা পৰীক্ষা সম্পন্ন কৰা হৈছে। দেশত এতিয়ালৈ ১৯৪.১২ কোটিৰো অধিক ভেকছিন পালি প্ৰদান কৰা হৈছে। ১২ ৰ পৰা ১৪ বছৰ বয়সৰ বাবে ৩.৪৪ কোটিতকৈও অধিক প্ৰথম পালি আৰু ১.৭৬ কোটিতকৈও অধিক দ্বিতীয় পালি প্ৰদান কৰা হৈছে। 
১৫ ৰ পৰা ১৮ বছৰ বয়সৰ লোকসকলক ৫.৯৬ কোটিতকৈও অধিক প্ৰথম পালি আৰু ৪.৬২ কোটিতকৈও অধিক দ্বিতীয় পালি দিয়া হৈছে। ইফালে, ৬০ বছৰৰ অধিক বয়সৰ লোক, স্বাস্থ্যসেৱা কৰ্মী আৰু ফ্ৰণ্টলাইন কৰ্মীসকলক ৩.৩৯ কোটিৰো অধিক সাৱধানতা পালি (বুষ্টাৰ শ্বট) প্ৰদান কৰা হৈছে।