বিৰিয়ানীয়ে পুৰুষৰ যৌন পৌৰুষ হ্ৰাস কৰে; বংগত বন্ধ কৰাইছে বিৰিয়ানীৰ দোকান

Story by  atv | Posted by   Imtiaz Ahmed • 1 Years ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
কলকাতা
 
তৃণমূল কংগ্ৰেছ নেতা ৰবীন্দ্ৰ নাথ ঘোষে পশ্চিম বংগৰ কুচ বেহাৰৰ দুখন স্থানীয় বিৰিয়ানীৰ দোকান বন্ধ কৰিবলৈ বাধ্য কৰাইছে, এই বুলি কৈ যে এই খাদ্যত থকা মছলাৰ ফলত পুৰুষৰ পুৰুষত্ব হ্ৰাস পোৱাৰ অভিযোগ উত্থাপন হৈছে।
 
মমতা বেনাৰ্জী নেতৃত্বাধীন চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী ৰবীন্দ্ৰ নাথ ঘোষে কয় যে বিৰিয়ানী বনাবলৈ ব্যৱহাৰ কৰা উপাদান আৰু মছলাৰে পুৰুষৰ যৌন ক্ষুবক হ্ৰাস কৰা বুলি কেইবাজনো লোকৰ পৰা অভিযোগ উত্থাপন হৈছে।
"বিগত কেইবাদিনো ধৰি অঞ্চলটোৰ জনসাধাৰণৰ পৰা অভিযোগ আহিছে যে তেওঁলোকে নাজানে কোনবোৰ মছলা ব্যৱহাৰ কৰি বিৰিয়ানী বনোৱা হৈছে যিবোৰ এজন পুৰুষৰ যৌন ধাৰাত বাধাৰ সৃষ্টি কৰিছে," ঘোষে কয়।
কুচ বেহাৰ পৌৰসভাৰ বৰ্তমানৰ অধ্যক্ষগৰাকীয়ে আৰু অভিযোগ উত্থাপন কৰে যে বিহাৰ আৰু উত্তৰ প্ৰদেশৰ দৰে ৰাজ্যৰ লোকে অঞ্চলটোত বিৰিয়ানী বিক্ৰী কৰি আছে আৰু অনুজ্ঞাপত্ৰ অবিহনে দোকানসমূহ চলিছিল।
 
তেওঁ কয়, "সকলো অভিযোগৰ পিছত আমি ইয়ালৈ আহি দেখিলোঁ যে দোকানবোৰৰ ট্ৰেড লাইচেন্স নাই। গতিকে দোকানবোৰ বন্ধ কৰা হ'ল।"