এটা ঔষধেই নির্মূল কৰিব কেন্সাৰ ! মাৰ্কিন গৱেষকৰ চাঞ্চল্যকৰ দাবী

Story by  atv | Posted by  [email protected] • 1 Years ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
নতুন দিল্লী

কৰ্কট ৰোগৰ চিকিৎসাই এক নতুন গতি লাভ কৰিছে। ইতিহাসত প্ৰথমবাৰৰ বাবে এটা ঔষধেৰে নিৰ্মূল হ’ব কৰ্কটৰ দৰে মাৰাত্মক ৰোগ। আমেৰিকাৰ এটা গৱেষকৰ দলে কৰ্কট ৰোগত আক্ৰান্ত একাংশ ৰোগীৰ ওপৰত চলোৱা গৱেষণাৰ অন্তত এই কথা প্ৰকাশ কৰিছে।
 
নিউয়ৰ্কৰ স্লোয়ান কেটাৰিং কেন্সাৰ চেণ্টাৰৰ চিকিৎসকে জনোৱা মতে, মলদ্বাৰৰ কৰ্কট ৰোগত আক্ৰান্ত ১৬ জন ৰোগীৰ ওপৰত পৰীক্ষা চলাই গৱেষকৰ দলটোৱে ঐতিহাসিক ফলাফল লাভ কৰিছে। 
বিশেষজ্ঞসকলে কয় যে এই কৰ্কট ৰোগ নিৰাময়কাৰী ঔষধটোৰ নাম হৈছে ডষ্টাৰলিমাব। ঔষধটো ৩ সপ্তাহৰ ব্যৱধানত ৬ মাহৰ বাবে ১৮ জন মলদ্বাৰৰ কৰ্কট ৰোগীক দিয়া হৈছিল। ৬ মাহৰ অন্তত কৰ্কট ৰোগী কেইজন কৰ্কট মুক্ত হৈছে বুলি তেওঁলোকে দাবী কৰিছে। বিশেষজ্ঞসকলে এতিয়া ডাঙৰ পৰীক্ষণত এই ঔষধটোৰ কাৰ্যকাৰিতা কিমান হ'ব, সেয়া পৰীক্ষা কৰি আছে।
নিউয়ৰ্কৰ মেম'ৰিয়েল স্লোয়ান কেটাৰিং কেন্সাৰ চেণ্টাৰৰ ডাঃ লুইছ এ ডিয়াজ জে-য়ে কৈছে যে "কৰ্কট ৰোগৰ ইতিহাসত এই ধৰণৰ সফল পৰীক্ষণ প্ৰথমবাৰৰ বাবে সংঘটিত হৈছে"।
 
নিউয়ৰ্ক টাইমছৰ মতে, ক্লিনিকেল ট্ৰায়েলৰ সৈতে জড়িত ৰোগীসকলে পূৰ্বে কেমোথেৰাপি,ৰেডিয়চন,অস্ত্ৰোপচাৰৰ দৰে চিকিৎসা কৰিছিল যাৰ ফলত অন্ত্ৰ,প্ৰস্ৰাৱ, আনকি যৌন ক্ৰিয়াৰ বিসংগতি হ’ব পাৰে। ১৮ জন ৰোগীয়ে পৰৱৰ্তী পদক্ষেপ হিচাপে এই পদ্ধতিসমূহৰ মাজেৰে পাৰ হ’ব লাগিব বুলি আশা কৰি পৰীক্ষা প্ৰক্ৰিয়াৰ অংশ হৈছিল।  কিন্তু তেওঁলোকে আচৰিত হ’বলগীয়া হ’ল যে আৰু কোনো চিকিৎসাৰ প্ৰয়োজন নহ’ল।
এই পৰীক্ষাৰ তথ্যই বিশেষজ্ঞসকলক স্তম্ভিত কৰি তুলিছে আৰু তেওঁলোকে আঙুলিয়াই দিছে যে প্ৰতিজন ৰোগী এইদৰে সম্পূৰ্ণ সুস্থ হৈ উঠাৰ তেওঁলোকে কেতিয়াও শুনা নাছিল। কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ কলৰেক্টাল কেন্সাৰ বিশেষজ্ঞ ডাঃ এলান পি ভেনুকে কয় যে  এই গৱেষণা বিশ্বৰ প্ৰথম আৰু ইয়াক ঐতিহাসিক বুলি তেওঁ উল্লেখ কৰে। 
বিশেষজ্ঞসকলে কয় যে এই গৱেষণা অতি আকৰ্ষণীয় আছিল, কাৰণ ঔষধ পৰীক্ষাৰ ফলত কোনো ৰোগীয়েই বিশেষ জটিলতাত ভুগিবলগীয়া হোৱা নাছিল। নিউয়ৰ্ক টাইমছৰ উদ্ধৃতিৰে ৰোগীয়ে কৰ্কট ৰোগমুক্ত বুলি গম পোৱাৰ মুহূৰ্তটোৰ বৰ্ণনা কৰি অংক’লজিষ্ট ডাঃ আন্দ্ৰেয়া চাৰ্চেকে কয় যে এই সংবাদ লাভ কৰি তেওঁৰ চকুৰে আনন্দৰ অশ্ৰু ওলাইছে।
 
 
এগৰাকী চিকিৎসক আৰু ৰোগীৰ মত-বিনিময় (প্ৰতিনিধিত্বমূলক ছবি)
 
চিকিৎসকৰ মতে, ৰোগীসকলে, পৰীক্ষাৰ সময়ত, ছমাহ ধৰি প্ৰতি তিনি সপ্তাহৰ মূৰে মূৰে দোষ্টাৰলিমব গ্ৰহণ কৰিছিল। চিকিৎসকসকলে লগতে কয়, "লক্ষণীয় যে তেওঁলোক সকলোৱে তেওঁলোকৰ কৰ্কট ৰোগৰ একে পৰ্যায়ত আছিল। কৰ্কট ৰোগ স্থানীয়ভাৱে মলদ্বাৰত আগবাঢ়িছিল যদিও অন্য অংগলৈ বিয়পি পৰা নাছিল।" 
 
এই ঔষধৰ পৰ্যালোচনা কৰা কৰ্কট ৰোগৰ গৱেষকসকলে সংবাদ মাধ্যমক জনোৱা মতে, এই চিকিৎসা আশাব্যঞ্জক যেন লাগিলেও বৃহত্তৰ পৰীক্ষাৰ প্ৰয়োজন আছে।