তেজৰ প্লেটলেটৰ পৰিৱৰ্তে মৌছুমী ৰস সঞ্চাৰ কৰাত ডেংগু ৰোগীৰ মৃত্যু

Story by  atv | Posted by  Munni Begum • 1 Years ago
তেজৰ প্লেটলেটৰ পৰিৱৰ্তে মৌছুমী ৰস সঞ্চাৰ কৰাত ডেংগু ৰোগীৰ মৃত্যু
তেজৰ প্লেটলেটৰ পৰিৱৰ্তে মৌছুমী ৰস সঞ্চাৰ কৰাত ডেংগু ৰোগীৰ মৃত্যু
লক্ষ্ণৌ 
 
উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজৰ এখন ব্যক্তিগত চিকিৎসালয়ত এগৰাকী ডেংগু ৰোগীৰ তেজৰ প্লেটলেটৰ পৰিৱৰ্তে ফলৰ ৰস সঞ্চাৰ কৰাৰ পিছত ৰোগী গৰাকীৰ মৃত্যু হৈছিল। ঘটনাটোৰ প্ৰাথমিক অনুসন্ধানত চিকিৎসালয় কৰ্তৃপক্ষৰ ফালৰ পৰা ত্ৰুটি প্ৰকাশ হোৱাৰ পিছত চিকিৎসালয়খন বন্ধ কৰি দিয়া হৈছে। ৰোগীৰ পৰিয়ালে দায়ী সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'বলৈ  ৰাজ্য চৰকাৰক আহ্বান জনাইছে। 
 
অভিযোগ অনুসৰি ৩২ বছৰীয়া ৰোগীজনৰ আত্মীয়সকলক প্ৰয়াগৰাজৰ গ্লোবেল হস্পিটেল এণ্ড ট্ৰমা চেণ্টাৰত (পূৰ্বতে এলাহাবাদ) প্লাজমা হিচাপে চিহ্নিত এটা মোনাত মৌছুমী ৰস যোগান ধৰা হৈছিল। ৰোগীৰ পৰিয়ালে অভিযোগ কৰিছে যে চিকিৎসালয়ৰ দ্বাৰা যোগান ধৰা এটা মোনাৰ পৰা ৰোগীৰ দেহত সঞ্চাৰণ কৰাৰ পিছত  ৰোগীৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল।
 
ৰোগীজনক ততাতৈয়াকৈ অন্য এখন ব্যক্তিগত চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছিল। য'ত তেওঁৰ মৃত্যু হৈছিল। ৰোগীৰ পৰিয়ালে জনোৱা মতে, দ্বিতীয় চিকিৎসালয়ৰ চিকিৎসকসকলে তেওঁলোকক কৈছিল যে প্লেটলেটৰ মোনাটো নকল আৰু প্ৰকৃততে ৰাসায়নিক পদাৰ্থ আৰু মিঠা সদৃশ বা মৌছুমীৰ ৰসৰ মিশ্ৰণ। 
ৰোগীগৰাকীৰ পৰিয়ালে চিকিৎসালয়ৰ কৰ্মচাৰীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। ৰোগীজনৰ এজন আত্মীয় সৌৰভ ত্ৰিপাঠীয়ে কয়ল, "মোৰ ২৬ বছৰীয়া ভনী বিধৱা হৈ গল। মই বিচাৰো যে যোগী আদিত্যনাথ চৰকাৰে এই অপৰাধৰ বাবে চিকিৎসালয়খনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক।" 
এক টুইটযোগে উপ মুখ্যমন্ত্ৰী ব্ৰজেশ পাঠকে কয়, "ভাইৰেল হোৱা এক ভিডিঅ'ৰ ওপৰত ভিত্তি কৰি এখন চিকিৎসালয়ত এজন ডেংগু ৰোগীক প্লেটলেটৰ সলনি মৌছুমী ৰস যোগান ধৰা হৈছিল, মোৰ নিৰ্দেশনা অনুসৰি চিকিৎসালয়খন বন্ধ কৰি দিয়া হৈছিল আৰু প্লেটলেটৰ পেকেটবোৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। দোষী সাব্যস্ত হ'লে চিকিৎসালয়খনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব।"   
 
প্ৰয়াগৰাজৰ অতিৰিক্ত মুখ্য চিকিৎসা বিষয়াই সংবাদ মাধ্যমৰ আগত এক বিবৃতিত কয় যে, মুখ্য চিকিৎসা বিষয়াৰ নিৰ্দেশত চিকিৎসালয়খন বন্ধ কৰি দিয়া হৈছিল আৰু নমুনা পৰীক্ষা নোহোৱালৈ বন্ধ হৈয়ে থাকিব। 
চিকিৎসালয়খনে অভিযোগবোৰ খণ্ডন কৰি কয় যে প্লেটলেটবোৰ ৰোগীসকলৰ আত্মীয়সকলে নিজেই সংগ্ৰহ কৰিছিল। চিকিৎসালয়খনৰ গৰাকীয়ে কৈছিল যে ৰোগীৰ প্লেটলেটৰ স্তৰ ১৭,০০০ লৈ হ্ৰাস পাইছিল। যাৰ পিছত তেওঁৰ আত্মীয়সকলক তেজৰ প্লেটলেটৰ ব্যৱস্থা কৰিবলৈ কোৱা হৈছিল।
চিকিৎসালয়ৰ গৰাকীয়ে এক বিবৃতিত কয় যে তেওঁ তদন্তকো সমৰ্থন কৰে। তেওঁলোকে এখন চৰকাৰী চিকিৎসালয়ৰ পৰা পাঁচ ইউনিট প্লেটলেট আনিছিল। তিনিটা ইউনিট সঞ্চাৰণ কৰাৰ পিছত, ৰোগীৰ প্ৰতিক্ৰিয়া হৈছিল। সেয়েহে আমি ইয়াক বন্ধ কৰিদিছিলো।" প্ৰয়াগৰাজৰ জিলা দণ্ডাধীশ সঞ্জয় কুমাৰ খাত্ৰীয়ে কয়, "তদন্ত চলি আছে আৰু প্লেটলেটবোৰো পৰীক্ষা কৰা হ'ব।"