ধুবুৰী চিকিৎসা মহাবিদ্যালয়ৰ ১০০ খন MBBS আসনৰ বাবে ৰাষ্ট্ৰীয় চিকিৎসা আয়োগৰ অনুমোদন

Story by  atv | Posted by  [email protected] • 1 Years ago
ধুবুৰী চিকিৎসা মহাবিদ্যালয়
ধুবুৰী চিকিৎসা মহাবিদ্যালয়
গুৱাহাটী
 
পশ্চিম অসমত নৱনিৰ্মিত ধুবুৰী চিকিৎসা মহাবিদ্যালয়ৰ এম বি বি এছ পাঠ্যক্ৰমৰ বাবে ৰাষ্ট্ৰীয় চিকিৎসা আয়োগে ১০০খন আসন গ্ৰহণৰ অনুমোদন জনাইছে।
 
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে এই কথা অৱগত কৰে।
 
মুখ্যমন্ত্ৰী শৰ্মাই টুইট কৰি কয়, ‘শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ অধীনত ১০০ খন আসন থকা নতুন ধুবুৰী চিকিৎসা মহাবিদ্যালয়ৰ (অসমৰ নৱম চিকিৎসা মহাবিদ্যালয়) এম বি বি এছ পাঠ্যক্ৰমে ৰাষ্ট্ৰীয় চিকিৎসা আয়োগৰ অধীনত চিকিৎসা মূল্যায়ন আৰু ৰেটিং ব’ৰ্ডৰ অনুমোদন লাভ কৰাত আনন্দিত হৈছো।’
২০২২-২৩ শিক্ষাবৰ্ষৰ পৰা মহাবিদ্যালয়খনে ১০০খন মেডিকেল আসনত নামভৰ্তি আৰম্ভ কৰিব।
 
উল্লেখযোগ্য যে যোৱা ৮ জুলাইত এন এম চিৰ মেডিকেল এচেছমেণ্ট এণ্ড ৰেটিং ব’ৰ্ডে ২০২২-২৩ শৈক্ষিক অধিবেশনৰ বাবে ধুবুৰী মেডিকেল কলেজৰ বাবে ১০০ খন আসনৰ বাবে আগ্ৰহ পত্ৰ জাৰি কৰিছিল।