অচিৰেই বজাৰত উপলব্ধ হব এইচ আই ভিৰ ভেকচিন

Story by  atv | Posted by  Munni Begum • 1 Years ago
এইচ আই ভিৰ ভেকচিনৰ প্ৰতিনিধিত্বমুলক ফটো
এইচ আই ভিৰ ভেকচিনৰ প্ৰতিনিধিত্বমুলক ফটো
ৱাশ্বিংটন 
 
এইচ আই ভি-এইডছৰ চিকিৎসাৰ বাবে বিশ্বৰ প্ৰথমটো প্ৰতিষেধক অচিৰেই বজাৰলৈ অহাৰ সম্ভাৱনা আছে। বিশ্ব এইডছ দিৱস উপলক্ষে এখন বিজ্ঞান পত্রিকাত প্রকাশিত নিবন্ধত দাবী কৰা মতে এইচ আই ভিৰ ভেকচিনৰ পৰীক্ষাগাৰত সফল পৰীক্ষা সম্পূৰ্ণ হৈছে। 
 
এইচ আই ভিৰ এই ভেকচিন পৰীক্ষাগাৰত ৯৭ শতাংশ কাৰ্যকৰী হোৱাটো নিশ্চিত হৈছে। বিংশ শতিকাত চিম্পাঞ্জীৰ পৰা মানুহৰ দেহলৈ সংক্ৰমিত হোৱা এইচ - মাই ভি বীজাণু নিৰ্মূলৰ ক্ষেত্ৰত বিজ্ঞানীৰ এই দাবী অতিকে গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। 
ইতিমধ্যে ৪৮ জন ব্যক্তিৰ শৰীৰত ইঅ'ডি-জিটি ৬০এম ই আৰ নামৰ এই প্ৰতিষেধকটো সফলতাৰে পৰীক্ষা কৰা হৈছে। ৮ সপ্তাহৰ ব্যৱধানত এই প্রতিষেধকটো দুবাৰ ল'ব লাগিব। প্ৰথমবাৰত ২০ মাইক্ৰ'গ্ৰাম আৰু দ্বিতীয়বাৰত ১০০ মাইক্ৰ'গ্ৰাম পালি দিয়া হয়। 
১৮-৫০ বছৰ বয়সৰ ব্যক্তিৰ শৰীৰত ইতিমধ্যে এই প্রতিষেধক প্ৰদান কৰি ৯৭ শতাংশ সফলতা লাভ কৰা গৈছে। উল্লেখযোগ্য যে বিশ্বত বৰ্তমান এইচ আই ভি আক্ৰান্তৰ সংখ্যা ৩.৮০ কোটি।