যোৱা ২৪ ঘণ্টাত ডিফুত ডেংগিত নতুনকৈ আক্ৰান্ত হৈছে ৬০ জন

Story by  atv | Posted by  Munni Begum • 1 Years ago
ডেংগিৰ প্ৰতিনিধিত্বমুলক ফটো
ডেংগিৰ প্ৰতিনিধিত্বমুলক ফটো
গুৱাহাটী
 
কার্বি আংলং জিলাত ডেংগিয়ে মহামাৰীৰ ৰূপ ধাৰণ কৰাৰ পিচত এতিয়া পাৰ্বত্য জিলাখনকে ধৰি ৰাজ্যৰ সৰ্বমুঠ ১৪ খন জিলাত বৃদ্ধি পাইছে ডেংগিৰ সংক্ৰমণ। 
 
কাৰ্বি আংলং জিলাৰ সদৰ ডিফু চহৰত বিগত ২৪ ঘণ্টাত ডেংগিত নতুনকৈ আক্ৰান্ত হৈছে ৬০ গৰাকী লোক। বৰ্তমান কেৱল ডিফু চহৰতে ডেংগি মহামাৰীত আক্ৰান্ত ৰোগীৰ সংখ্যা হৈছে মুঠ ৪৮৫ জন। 
 
চহৰখনত ৰেডক্ৰছ ছ'চাইটি আৰু ডিফু বজাৰ সমিতিয়ে মংগলবাৰৰ পৰা ফগিং আৰু ছেনিটাইজেচন আৰম্ভ কৰিছে। ডিফু চিকিৎসা মহাবিদ্যালয় হাস্পতালত বৰ্তমান চিকিৎসাধীন হৈ আছে ৪০ গৰাকী ডেংগি ৰোগী। 
স্বাস্থ্য বিভাগে ডিফু চহৰৰ ঘৰে ঘৰে গৈ ডেংগি পৰীক্ষা অব্যাহত ৰাখিছে। তদুপৰি ডেংগিৰ বিৰুদ্ধে ঠায়ে ঠায়ে সজাগতা সভা অনুষ্ঠিত কৰিছে। তথাপি ডিফু চহৰত ডেংগিৰ সংক্ৰমণ নিয়ন্ত্ৰণ কৰিবলৈ এতিয়ালৈ সক্ষম হোৱা নাই স্বাস্থ্য বিভাগ।
কাৰ্বি আংলং জিলাৰ উপৰি বৰ্তমানলৈ কামৰূপ মহানগৰ জিলাত ১১ জন, কৰিমগঞ্জ, নলবাৰী, শিৱসাগৰ, ডিমা হাচাও জিলাত ২ জনকৈ দৰং, ডিব্ৰুগড়, কামৰূপ, নগাঁও, হোজাই, শোণিতপুৰ, তিনিচুকীয়া, ওদালগুৰি জিলাত ১ জনকৈ ডেংগি ৰোগী ধৰা পৰিছে।