দেশত যোৱা ২৪ ঘণ্টাত নতুনকৈ ক'ভিড-১৯ ত আক্ৰান্ত হৈছে ১,২১৬ জন

Story by  atv | Posted by  Munni Begum • 1 Years ago
ক'ভিড-১৯ ৰ প্ৰতিনিধিত্বমুলক ফটো
ক'ভিড-১৯ ৰ প্ৰতিনিধিত্বমুলক ফটো
নতুন দিল্লী 
 
শুকুৰবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি দেশত নতুনকৈ ক'ভিড-১৯ ত আক্ৰান্ত হৈছে ১,২১৬ জন লোক। বৰ্তমান দেশত ক'ভিড-১৯ত আক্ৰান্ত ৰোগীৰ সংখ্যা ৪,৪৬,৫৮,৩৬৫। আনহাতে সক্ৰিয় সংক্ৰমণৰ হাৰ ১৫,৭০৫ লৈ হ্ৰাস পায়।
 
স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি ক'ভিড-১৯ ত আক্ৰান্ত হৈ হোৱা লোকৰ মৃত্যুৰ সংখ্যা ৫,৩০,৪৭৯ লৈ বৃদ্ধি। আনহাতে মৃত্যুৰ হাৰ ১.১৯ শতাংশ। মুঠ সক্ৰিয় সংক্ৰমণৰ হাৰ ০.০৪ শতাংশ। আনহাতে ক'ভিড-১৯ৰ পৰা আৰোগ্য লাভ কৰা লোকৰ সংখ্যা ৪,৪১,১২,১৮১ আৰু পুনৰুদ্ধাৰৰ হাৰ ৯৮.৭৮ শতাংশ।
মন্ত্ৰালয়ৰ প্ৰতিবেদন অনুসৰি দেশজুৰি টিকাকৰণ অভিযানৰ অধীনত এতিয়ালৈ দেশত ক'ভিড ভেকছিনৰ ২১৯.৬৯ কোটি পালি প্ৰদান কৰা হৈছে। ২০২০ চনৰ ৭ আগষ্টত ২০ লাখ, ২৩ আগষ্টত ৩০ লাখ, ৫ ছেপ্টেম্বৰত ৪০ লাখ আৰু ১৬ ছেপ্টেম্বৰত ৫০ লাখ অতিক্ৰম কৰিছিল। 
২৮ ছেপ্টেম্বৰত ৬০ লাখ, ১১ অক্টোবৰত ৭০ লাখ, ২৯ অক্টোবৰত ৮০ লাখ, ২০ নৱেম্বৰত ৯০ লাখ অতিক্ৰম কৰিছে আৰু ১৯ ডিচেম্বৰত এক কোটিৰ সীমা অতিক্ৰম কৰিছে।