গুৱাহাটী
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা অনুসৰি ভাৰতত মঙলবাৰে একদিনে ১১,০০০ তকৈও অধিক নতুন ক'ভিড-১৯ সংক্ৰমণৰ ঘটনা বৃদ্ধি পাই। যাৰ ভিতৰত বৰ্তমান ৯৬,৭০০ টা সক্ৰিয় হৈ আছে।
২৪ ঘণ্টাৰ ব্যৱধানত মুঠ ১১,৭৯৩ টা কৰোনা ভাইৰাছ ধৰা পৰে। যাৰ ফলত মুঠ সংক্ৰমণৰ সংখ্যা ৮৬.১৪ কোটিলৈ বৃদ্ধি পাইছে। আনহাতে মন্ত্ৰালয়ৰ ৰাতিপুৱা ৪ বজাৰ তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত ৪,৭৩,৭১৭ টা পৰীক্ষা কৰা হৈছিল।
মন্ত্ৰালয়ৰ মতে দৈনিক সংক্ৰমণৰ হাৰ ২.৪৯ শতাংশ আৰু সাপ্তাহিক সংক্ৰমণৰ হাৰ ৩.৩৬ শতাংশ বুলি জানিব পৰা গৈছে। যোৱা ২৪ ঘণ্টাত প্ৰায় ৯৪৮৬ জন সুস্থ হৈ উঠিছে। মুঠ সংক্ৰমণ মুক্ত হৈছে ৪,২৭,৯৭,০৯২ গৰাকী।
মন্ত্ৰালয়ৰ মতে, দেশজুৰি ক'ভিড-১৯ টিকাকৰণ অভিযানৰ অধীনত দেশত এতিয়ালৈকে ১৯৭.৩১ কোটি ভেকছিন পালি প্ৰদান কৰা হৈছে।
উল্লেখযোগ্য যে সোমবাৰে অসমত কোভিডত আক্ৰান্ত হয় ৬০জনকৈ লোক। বিগত কেইদিনৰ হিচাপত এয়া আছিল সৰ্বাধিক। আনহাতে ক'ভিড পজিটিভিটী হাৰ ৬.৭১ শতাংশলৈ বৃদ্ধি হয়। ইয়াৰে কামৰূপ মেট্ৰ'ত ৪০গৰাকী লোক ক'ভিডত আক্ৰান্ত হয় ২৭ জুনৰ দিনটোত।
২৬ জুনত আক্ৰান্তৰ সংখ্যা আছিল ৩৬গৰাকী আৰু আটাইকেইগৰাকী কামৰূপ মেট্ৰ'ৰ আছিল। আনহাতে ২৫ জুনত আছিল ৪৩ গৰাকী, যাৰ ৩২ গৰাকী আছিল কামৰূপ মেট্ৰ'ৰ জুনৰ প্ৰথম ভাগৰ পৰা ৰাজ্যখনত ক'ভিড আক্ৰান্তৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পোৱা দেখা গৈছে। যদিও ই আশংকাজনক ৰূপ লোৱা নাই তথাপি পজিটিভিটীৰ হাৰ বৃদ্ধি হৈ থকা বিষয়টো চিন্তনীয়।
FEATURED VIDEOS
Haj on foot
Sarjik Alam
Guru meeting
Azimullah Sheikh donates land for crematorium
Referee Jehrul Islam
Sakil Jamal shines
Bandiya - where women offer namaz with men
Birkuchi naamghar
Farhan