দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো কনিষ্ঠ চিকিৎসকৰ প্ৰতিবাদ

Story by  atv | Posted by  Munni Begum • 2 Years ago
চিকিৎসকৰ প্ৰতিবাদ
চিকিৎসকৰ প্ৰতিবাদ
গুৱাহাটী
 
NEET পৰীক্ষাৰ কাউন্সিলিং প্ৰক্ৰিয়া বিলম্ব কৰাৰ প্ৰতিবাদত সমগ্ৰ দেশৰ লগতে ৰাজ্যতো শনিবাৰে কনিষ্ঠ চিকিৎসক সকলে প্ৰতিবাদ সাব্যস্ত কৰে। গুহাৱাটী চিকিৎসা মহাবিদ্যালয়ৰ লগতে ৰাজ্যৰ আন পাচঁখন চিকিৎসা মহাবিদ্যালয়তো কনিষ্ঠ চিকিৎসকসকলে প্ৰতিবাদ কৰাৰ ফলত বহিঃ ৰোগী বিভাগৰ সেৱা ব্যাহত হৈ পৰে। 
 
গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত আৱাসীক কনিষ্ঠ চিকিৎসকলে NEET পৰীক্ষাৰ কাউন্সিলিংৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ দাবী উত্থাপন কৰি এই প্ৰতিবাদত সাব্যস্ত কৰে।  প্ৰতিবাদৰ ফলতে বহিঃবিভাগৰ সেৱা বন্ধ ৰখা হয় আৰু কনিষ্ঠ চিকিৎসকল বহিঃ ৰোগী বিভাগ কৰ্তব্যৰ পৰা বিৰত থাকে। আৱশ্য তেওঁলোকে জৰুৰীকালীন সেৱাৰ চিকিৎসা ব্যৱস্থা অব্যাহত ৰাখিছে।
জি এম চি এইছৰ প্ৰতিবাদকাৰী কনিষ্ঠ চিকিৎসকিসকলে কয়,"বহিঃ ৰোগী বিভাগত ৪০ জন কনিষ্ঠ চিকিৎসকে কাম কৰিব লাগে। তাত বৰ্তমান ১৫ জনেহে কাম কৰি আছো। মানুহৰ দুখ-কষ্ট দেখি চিকিৎসক হিচাপে অতিৰিক্ত দায়িত্ব পালন কৰিলেও আমিও মানুহ। অতিৰিক্ত দায়িত্ব পালন কৰি আমাৰো দেহাই নটনা হৈছে।"
ডিব্ৰুগড় মেডিকেল কলোজৰ কনিষ্ঠ চিকিৎসকসকলেও এই প্ৰতিবাদত অংশগ্ৰহণ কৰিছে। তেওঁলোকে অৱশ্যে বহিঃবিভাগ বন্ধ নাৰাখি গোট গোটকৈ এই প্ৰতিবাদত অংশগ্ৰহণ কৰিছে।