ক’ভিড ভেকচিনৰ বাবেই ভাৰতত ৪২ লাখ লোকৰ প্ৰাণৰক্ষা

Story by  atv | Posted by  Munni Begum • 1 Years ago
প্ৰতিনিধিত্বমুলক ফটো
প্ৰতিনিধিত্বমুলক ফটো
লণ্ডন 
 
ভাৰতত কৰোনা মহামাৰীত মৃত্যু হোৱা লোকৰ তথ্য সন্দৰ্ভত মেডিকেল জার্নাল 'দা লেনছেট'ত শুকুৰবাৰে এক গুৰুত্বপূর্ণ তথ্য প্ৰকাশ পাইছে। তথ্য অনুসৰি বিগত বৰ্ষত ক’ভিড ভেকচিনৰ বাবেই ভাৰতত ৪২ লাখ লোকৰ সম্ভাব্য মৃত্যু ৰোধ কৰাটো সম্ভৱপৰ হৈছিল। 
 
২০২০ চনৰ ৮ ডিচেম্বৰৰ পৰা বিগত বৰ্ষৰ ৮ ডিচেম্বৰলৈ, লেনছেটৰ দ্বাৰা সম্পন্ন এক ক্ষেত্রভিত্তিক অধ্যয়নত এই কথা প্ৰকাশ পাইছে। লক্ষণীয় যে বিশ্ব স্বাস্থ্য সংস্থাই ২০২০ চনৰ ডিচেম্বৰৰ পৰা বিগত বৰ্ষলৈ ভাৰতত কোবোনা মহামাৰীত ৪৭ লাখ লোকৰ মৃত্যু হোৱা বুলি দাবী কৰিছিল। 
 
লেনছেটৰ মতে ভেকচিন প্ৰদানৰ বাবেই বিশ্বত ২ কোটি লোকৰ প্ৰাণৰক্ষা পৰিছিল। প্ৰতিষেধক প্ৰদানৰ প্রথমটো বছৰতে বিশ্বৰ ১৮৫ খন দেশত ৩.১৪ কোটি লোকৰ সম্ভাব্য মৃত্যু ৰোধ কৰাটো সম্ভৱপৰ হৈছিল।