ৰাজ্যত ১৫০খন মত্যুঞ্জয় সেৱাৰ বাহন ক্ৰয়, আজি ৮৩ খন মুকলি কৰে মুখ্যমন্ত্ৰীয়ে

Story by  atv | Posted by  [email protected] • 1 Years ago
ৰাজ্যত ১৫০খন মত্যুঞ্জয় সেৱাৰ বাহন ক্ৰয়
ৰাজ্যত ১৫০খন মত্যুঞ্জয় সেৱাৰ বাহন ক্ৰয়
গুৱাহাটী
 
ৰাজ্যত পুনৰ ১৫০ খন মত্যুঞ্জয় সেৱাৰ বাহন ক্ৰয় কৰা হয়। আজি জনতা ভৱনত প্ৰথম পৰ্যায়ত মুকলি কৰে ৮৩ খন ১০৮ বাহন। ৪ কোটি টকা ব্যয়ৰে ক্ৰয় কৰা হৈছে ১৫০ খন বাহন। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰে এই বাহনসমূহ। ইয়াৰ পূৰ্বৰে পৰা অসমত মুঠ ৭৭৯খন ১০৮ বাহন আছে।
 
 
ভাষণত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়, ২০০৮ চনৰ ৬ নৱেম্বৰত ১০৮ সেৱা আৰম্ভ হৈছিল। প্ৰথম অৱস্থাত অতি কম বাহনেৰে সেৱা আগবঢ়োৱা হৈছে। এতিয়া ৰাজ্যত ৮০০খন ১০৮ সেৱা বাহন আছে। ৩ কোটি ৯১ লাখে লোকে ফোন কৰিছে মৃত্যুঞ্জয় সেৱালৈ। ১৯ লাখ গৰ্ভৱতী মহিলাক সুবিধা প্ৰদান কৰিছে। ২ লাখ মানুহ মৃত্যুৰ পৰা ১০৮ সেৱাৰ জৰিয়তে ৰক্ষা পৰিছে। প্ৰত্যেক এবছৰৰ মূৰে মূৰে এশ খন বাহন সলনি কৰি থকা হৈছে। প্ৰথমে কেন্দ্ৰীয় চৰকাৰে সহায় আগবঢ়াইছিল যদিও এতিয়া স্ব–অগ্ৰাধিকাৰ পুঁজিৰ জৰিয়তে বাহনসমূহ ৰিপ্লেছমেণ্ট কৰা হৈছে।
 
মুখ্যমন্ত্ৰীয়ে কয়, ১৫ বছৰৰ মূৰে মূৰে বাহনসমূহ স্ক্ৰেপলৈ প্ৰেৰণ কৰিব লাগে, কিন্তু এম্বুলেঞ্চসমূহ ১৫ বছৰ কেতিয়াও নাযায়। সেয়ে অতি কম সময়ৰ ভিতৰত অকচনত প্ৰেৰণ কৰা হয়। মুখ্যমন্ত্ৰীৰ ঘোষণা – কোনোবাই যদি স্ক্ৰেপত যাবলগীয়া বাহন স্বেচ্ছাসেৱী সংগঠনে বিচাৰে বিনামূলীয়াকৈ প্ৰদান কৰা হ’ব। চৰ্ত হ’ব মাথোঁ স্বাস্থ্য খণ্ডত ব্যৱহাৰ হ’ব লাগিব বাহনসমূহ।
 
উল্লেখযোগ্য যে অসমত স্বীকৃতিপ্ৰাপ্ত মেডিকেল কলেজৰ সংখ্যা ৯খনলৈ বৃদ্ধি পালে। ধুবুৰী চিকিৎসা মহাবিদ্যালয়ক স্বীকৃতি প্ৰদান। অহা বছৰ কোকৰাঝাৰ আৰু নলবাৰী মেডিকেল কলেজৰ এখন আৰম্ভ। পূজাৰ পূৰ্বে ৫খন মেডিকেল কলেজৰ কাম আৰম্ভ হ’ব বুলিও কয় মুখ্যমন্ত্ৰীয়ে। ২০৩০ চনৰ ভিতৰত বছৰত ২ হাজাৰ চিকিৎসক উলিওৱাৰ লক্ষ্য লোৱা হৈছে।