দেশত নতুনকৈ ক'ভিড-১৯ ত আক্ৰান্ত হৈছে ৮,৮১৩ জন; মৃত্যু ২৯ জনৰ

Story by  atv | Posted by  Munni Begum • 1 Years ago
ক'ভিড-১৯ ৰ প্ৰতিনিধিত্বমুলক ফটো
ক'ভিড-১৯ ৰ প্ৰতিনিধিত্বমুলক ফটো
নতুন দিল্লী 
 
স্বাস্থ্য মন্ত্ৰালয়ৰ  প্ৰতিবেদন অনুসৰি দেশত মঙলবাৰে নতুনকৈ ক'ভিড-১৯ ত আক্ৰান্ত হৈছে ৮,৮১৩ জন। মুঠ আক্ৰান্তৰ সংখ্যা হৈছে ৪,৪২,৩৯,৩৭২ জন। বৰ্তমান সক্ৰিয় সংক্ৰমণৰ সংখ্যা হৈছে ১১১,২৫২। সক্ৰিয় সংক্ৰমণৰ হাৰ ০.২৫ শতাংশ। দৈনিক পজিটিভিতিৰ হাৰ ৪.১৫ শতাংশ। আনহাতে সাপ্তাহিক পজিটিভিতিৰ হাৰ ৪.৭৯ শতাংশ।  
 
মন্ত্ৰালয়ৰ তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত ক'ভিড-১৯ ত আক্ৰান্ত হৈ ২৯ জন লোকৰ মৃত্যু হয়। বৰ্তমান মুঠ মৃত্যুৰ সংখ্যা ৫,২৭,০৯৮। ইয়াৰ ভিতৰত আছে দিল্লীৰ পৰা ৮ জন, অসম, ছত্তীশগড়, গোৱা, মহাৰাষ্ট্ৰ, নাগালেণ্ড, উৰিষ্যা, চিক্কিন আৰু ত্ৰিপুৰাৰ পৰা  ১ জনকৈ; উত্তৰ প্ৰদেশ, গুজৰাট, জম্মু আৰু কাশ্মীৰৰ পৰা ২ জনকৈ। মুঠ মৃত্যুৰ হাৰ ১.১৯ শতাংশ।  
 
চৰকাৰী পৰিসংখ্যা অনুসৰি এতিয়ালৈ প্ৰায় ৪৩,৬৩৮,৮৪৪ জন লোক ক'ভিড-১৯ ৰ পৰা আৰোগ্য লাভ কৰিছে। ইয়াৰ ভিতৰত, যোৱা ২৪ ঘণ্টাত ১৫,০৪০ জন লোক আৰোগ্য হৈছে। ইফালে, দেশজুৰি টিকাকৰণ অভিযানৰ অধীনত আজিলৈ দেশত ২,০৮,৩১,২৪,৬৯৪ টা ক'ভিড ভেকছিনৰ পালি প্ৰদান কৰা হৈছে।