দেশত নতুনকৈ ক'ভিড-১৯ত আক্ৰান্ত হৈছে ৫,২৩৩

Story by  atv | Posted by  Munni Begum • 1 Years ago
ক'ভিড-১৯ ৰ প্ৰতিনিধিত্বমুলক ফটো
ক'ভিড-১৯ ৰ প্ৰতিনিধিত্বমুলক ফটো
নতুন দিল্লী 
 
ভাৰতত নতুনকৈ ক'ভিড-১৯ত আক্ৰান্তৰ সংখ্যা ৫,০০০-ৰ সীমা অতিক্ৰম কৰিছে। দেশত যোৱা ২৪ ঘণ্টাত ক'ভিড-১৯ত আক্ৰান্ত হৈছে ৫,২৩৩। ইয়াৰ পূৰ্বে সোমবাৰে দেশত মুঠ ৪,৫১৮ জন আক্ৰান্ত হৈছিল।
 
দেশত এতিয়ালৈ ৩২,০০০ ৰো অধিক নতুনকৈ সংক্ৰমণ হৈছে। স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত সক্ৰিয় ক'ভিড-১৯ ৰোগীৰ সংখ্যা ১,৮৮১ বৃদ্ধি পাইছে। মুঠ সক্ৰিয় সংক্ৰমণৰ সংখ্যা ২৮,৮৫৭ আৰু সংক্ৰমণৰ হাৰ ০.০৬ শতাংশ। 
স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি, যোৱা ২৪ ঘণ্টাত ৭ জন লোকৰ মৃত্যু  হৈছে। মুঠ মৃত্যুৰ সংখ্যা হৈছে ৫,২৪,৭১৫। পুনৰুদ্ধাৰৰ হাৰ বৰ্তমান ৯৮.৭২ শতাংশ আৰু ৩,৩০০ ৰো অধিক লোক আৰোগ্য হৈছে। দেশত মুঠ পুনৰুদ্ধাৰৰ সংখ্যা হৈছে ৪,২৬,৩৬,৭১০। 
স্বাস্থ্য বিভাগে ভাগ বতৰা কৰা তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত মহাৰাষ্ট্ৰত ১,৮৮১ জন নতুন সংক্ৰমণ  হৈছে। ইয়াৰ ভিতৰত কেৱল মুম্বাইত ১,২৪২ জন নতুনকৈ আক্ৰান্ত হৈছে। অন্য ৰাজ্যত আক্ৰান্ত ক্ৰমে দিল্লীত ৪৫০ জন, তামিলনাডুত ১৪৪ জন, বেংগলত ৬১ জন, গুজৰাটত ৭২ জন আৰু গোৱাত ৬২ জন।
 
যোৱা ২৪ ঘণ্টাত, ৰাষ্ট্ৰীয় টিকাকৰণ অভিযানৰ অধীনত ১৪.৯ লাখ ভেকছিন পালি প্ৰদান কৰা হৈছে। ইয়াৰ ভিতৰত ৩.১৫ লাখৰো অধিক বুষ্টাৰ পালি আছিল। যোৱা ২৪ ঘণ্টাত ১২ ৰ পৰা ১৪ বছৰ বয়সৰ প্ৰায় ৪ লাখ শিশুকো ক'ভিড-১৯ ভেকছিন প্ৰদান কৰা হৈছিল। ২.৮৫ লাখৰো অধিক দ্বিতীয় পালি আছিল।