দেশত নতুনকৈ ক'ভিড-১৯ত আক্ৰান্ত ৮,৫৮২ জন

Story by  atv | Posted by  Munni Begum • 1 Years ago
ক'ভিড-১৯ ৰ প্ৰতিনিধিত্বমুলক ফটো
ক'ভিড-১৯ ৰ প্ৰতিনিধিত্বমুলক ফটো
নতুন দিল্লী
 
দেওবাৰে  কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি দেশত ৮,৫৮২ জন নতুন ক'ভিড-১৯ত আক্ৰান্ত হৈছে। মুঠ আক্ৰান্তৰ সংখ্যা ৪,৩২,২২,০১৭ লৈ বৃদ্ধি পাইছে। আনহাতে সক্ৰিয় ঘটনাবোৰ ৪৪,৫১৩ লৈ বৃদ্ধি পাইছে।মন্ত্ৰালয়ৰ তথ্য অনুসৰি নতুনকৈ ৪ জনৰ মৃত্যু হৈছে। মুঠ মৃত্যুৰ সংখ্যা ৫,২৪,৭৬১ লৈ বৃদ্ধি পাইছে।
 
সক্ৰিয় ঘটনাবোৰত মুঠ সংক্ৰমণৰ হাৰ ০.১০ শতাংশ ।আনহাতে পুনৰুদ্ধাৰৰ হাৰ ৯৮.৬৬ শতাংশ। ২৪ ঘণ্টাৰ ব্যৱধানত সক্ৰিয় ক'ভিড-১৯ আক্ৰান্তৰ সংখ্যা ৪,১৪৩ লৈ বৃদ্ধি হৈছে। 
মন্ত্ৰালয়ৰ মতে দৈনিক পজিটিভিতিৰ হাৰ ২.৭১ শতাংশ। আনহাতে সাপ্তাহিক পজিটিভিতিৰ হাৰ ২.০২ শতাংশ। ৰোগটোৰ পৰা আৰোগ্য হোৱা লোকৰ সংখ্যা ৪,২৬,৫২,৭৪৩ লৈ বৃদ্ধি হৈছে। আনহাতে মৃত্যুৰ হাৰ আছিল ১.২১ শতাংশ। 
দেশজুৰি ক'ভিড-১৯ টিকাকৰণ অভিযানৰ অধীনত এতিয়ালৈ দেশত প্ৰদান কৰা সামগ্ৰিক পালি ১৯৫.০৭ কোটি অতিক্ৰম কৰিছে। ২০২০ চনত ৭ আগষ্টত ২০ লাখ, ২৩ আগষ্টত ৩০ লাখ, ৫ ছেপ্টেম্বৰত ৪০ লাখ আৰু ১৬ ছেপ্টেম্বৰত ৫০ লাখ অতিক্ৰম কৰিছিল। ২৮ ছেপ্টেম্বৰত ৬০ লাখ, ১১ অক্টোবৰত ৭০ লাখ, ২৯ অক্টোবৰত ৮০ লাখ, ২০ নৱেম্বৰত ৯০ লাখ অতিক্ৰম কৰে আৰু ১৯ ডিচেম্বৰত এক কোটিৰ সীমা অতিক্ৰম কৰে।