দেশত নতুনকৈ ক'ভিড-১৯ত আক্ৰান্ত হৈছে ২,৮৫৮ জন

Story by  atv | Posted by  Munni Begum • 1 Years ago
ক'ভিড-১৯ ৰ প্ৰতিনিধিত্বমুলক ফটো
ক'ভিড-১৯ ৰ প্ৰতিনিধিত্বমুলক ফটো
নতুন দিল্লী
 
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি দেশত নতুনকৈ ক'ভিড-১৯ত আক্ৰান্ত হৈছে ২,৮৫৮জন। বৰ্তমান আক্ৰান্ত সংখ্যা ৪,৩১,১৯,১১২ লৈ বৃদ্ধি পাইছে। আনহাতে সক্ৰিয় ৰোগীৰ সংখ্যা ১৮,০৯৬ লৈ হ্ৰাস পাইছে।
 
মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, ক'ভিড-১৯ত আক্ৰান্ত ৰোগীৰ মৃত্যুৰ সংখ্যা ৫,২৪,২০১ লৈ বৃদ্ধি পাইছে। আজি পুৱা ৮ বজালৈ  ১১ ৰো অধিকৰ মৃত্যু হৈছে। ১১ টা নতুন মৃত্যুৰ ভিতৰত আছে কেৰালাৰ পাঁচজন, দিল্লীৰ চাৰিজন আৰু মহাৰাষ্ট্ৰৰ দুজন। 
দেশত এতিয়ালৈ মুঠ ৫,২৪,২০১ জন লোকৰ মৃত্যুৰ ভিতৰত ১,৪৭,৮৫৩ জন মহাৰাষ্ট্ৰৰ, ৬৯,৩৫৫ জন কেৰালাৰ, ৪০,১০৫ জন কৰ্ণাটকৰ, ৩৮,০২৫ জন তামিলনাডুৰ, ২৬,১৮৮ জন দিল্লীৰ, ২৩,৫১৩ জন উত্তৰ প্ৰদেশৰ আৰু ২১,২০৩ জন পশ্চিম বংগৰ।
মুঠ সংক্ৰমণৰ হাৰ ০.০৪ শতাংশ। ৰাষ্ট্ৰীয় ক'ভিড-১৯ পুনৰুদ্ধাৰৰ হাৰ ৯৮.৭৪ শতাংশ। দৈনিক পজিটিভিতিৰ হাৰ ০.৫৯ শতাংশ আৰু সাপ্তাহিক  পজিটিভিতিৰ হাৰ আছিল ০.৬৬ শতাংশ। আৰোগ্য হোৱা লোকৰ সংখ্যা ৪,২৫,৭৬,৮১৫ লৈ বৃদ্ধি হৈছে।  
 
এতিয়ালৈ দেশত প্ৰদান কৰা ক'ভিড-১৯ ভেকছিন পালিৰ মুঠ সংখ্যা ১৯১.১৫ কোটি অতিক্ৰম কৰিছে। ২০২০ চনৰ ৭ আগষ্টত 20 লাখ, ২৩ আগষ্টত ৩০ লাখ, ৫ ছেপ্টেম্বৰত ৪০ লাখ আৰু ১৬ ছেপ্টেম্বৰত ৫০ লাখ অতিক্ৰম কৰিছিল। ই ২৮ ছেপ্টেম্বৰত ৬০ লাখ, ১১ অক্টোবৰত ৭০ লাখ, ২৯ অক্টোবৰত ৮০ লাখ, ২০ নৱেম্বৰত ৯০ লাখ অতিক্ৰম কৰে আৰু ১৯ ডিচেম্বৰত ১ কোটিৰ সীমা অতিক্ৰম কৰে।