দেশত নতুনকৈ ক'ভিড-১৯ ত আক্ৰান্ত ১৬,১৬৭ জন

Story by  atv | Posted by  Munni Begum • 1 Years ago
ক'ভিড-১৯ ৰ প্ৰতিনিধিত্বমুলক ফটো
ক'ভিড-১৯ ৰ প্ৰতিনিধিত্বমুলক ফটো
নতুন দিল্লী 
 
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি, সোমবাৰে দেশত নতুনকৈ ক'ভিড-১৯ ত আক্ৰান্ত হৈছে ১৬,১৬৭ জন। সামগ্ৰিক আক্ৰান্তৰ সংখ্যা ৪৪,১৬১,৮৯৯। মৃত্যু হৈছে ৪১ জন আৰু মুঠ মৃত্যুৰ সংখ্যা ৫,২৬,৭৩০।
 
দেশত যোৱা ২৪ ঘণ্টাত ক'ভিড-১৯ ত আক্ৰান্ত হৈছে ১৮,৭৩৮ জন লোক।বৰ্তমান  সক্ৰিয় সংক্ৰমণৰ সংখ্যা হৈছে ১,৩৫,৫১০। মুঠ সংক্ৰমণৰ হাৰ  ০.৩১ শতাংশ। দৈনিক পজিটিভিতিৰ হাৰ ৬.১৪ শতাংশ, সাপ্তাহিক পজিটিভিতিৰ হাৰ হৈছে ৪.৬৪ শতাংশ।
স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত মুঠ ১৫,৫৪৯ জন পুনৰুদ্ধাৰ হৈছে। মুঠ পুনৰুদ্ধাৰৰ সংখ্যা হৈছে ৪,৩৪,৯৯,৬৫৯। পুনৰুদ্ধাৰৰ হাৰ ৯৮.৫০ শতাংশ। এতিয়ালৈ কৰোনাভাইৰাছৰ মুঠ ৮৭.৮১ কোটি নমুনা পৰীক্ষা কৰা হৈছে। যোৱা ২৪ ঘণ্টাত ২,৬৩,৪১৯ টা নমুনা পৰীক্ষা কৰা হৈছে। 
দেশত টিকাকৰণ ২০৬ কোটিৰ সীমা অতিক্ৰম কৰিছে। যাৰ ভিতৰত ১০.৮৮ কোটি হৈছে সাৱধানতা (বুষ্টাৰ) পালি। যোৱা ২৪ ঘণ্টাত, ৩৪,৭৫,৩৩০0 জন লোকক ভেকছিনৰ পালি প্ৰদান কৰা হৈছে।