নতুন দিল্লী
সম্প্রতি ভাৰতৰ বৃহৎসংখ্যক লোকৰ খাদ্যাভ্যাস সলনি হৈছে। বেছিভাগ লোকেই 'ৰেডীমেইড' খাদ্যৰ প্ৰতি আকৰ্ষিত হোৱা দেখা গৈছে। স্বাস্থ্যৰ বাবে অনুপযোগী খাদ্য সেৱনৰ বাবে প্রয়োজনীয় পুষ্টিৰ পৰাও বঞ্চিত হৈছে বহু লোক।
শাক-পাচলি, ফলমূল আৰু পুষ্টিকৰ খাদ্যৰ সলনি 'ফ্রাইড স্নেক্', 'প্রচেস্ড ফুড'ৰ প্ৰতি আকৰ্ষিত হোৱাৰ ফলত পুষ্টিহীনতাই দেখা দিছে। শেহতীয়া এক গোলকীয় প্রতিবেদনত ভাৰতৰ লোকৰ মাজত বৃদ্ধি পোৱা স্বাস্থ্যৰ অনুপযোগী খাদ্যাভ্যাসক লৈ উদ্বিগ্নতা প্রকাশ কৰা হৈছে।
যোৱা ২৯ মে'ত ইণ্টাৰনেচনেল ফুড পলিচী ৰিছাৰ্চ ইনষ্টিটিউট (আই এফ পি আৰ আই)-এ মুকলি কৰা 'গ্লোবেল ফুড পলিচী ৰিপ'ৰ্ট ২০২৪ঃ ফুড ছিষ্টেম্ছ ফৰ হেল্ডী ডায়েছ এণ্ড নিউট্রিচন'ত উল্লেখ কৰা মতে, ভাৰতৰ প্রায় ৩৮ শতাংশ লোকে খায় স্বাস্থ্যৰ বাবে অনুপযোগী খাদ্য। মাত্র ২৮ শতাংশই স্বাস্থ্যসম্মত খাদ্য সেৱন কৰে বুলি কোৱা হৈছে এই প্রতিবেদনত।
প্রতিবেদনত উল্লেখ কৰা অনুসৰি, বেছিভাগ লোকে অধিক কেলৰিযুক্ত তথা কম পুষ্টিকৰ খাদ্য খায়। ভাৰত তথা দক্ষিণ এছিয়াৰ অন্য দেশবোৰতো প্ৰচে ফুডৰ চাহিদা বৃদ্ধি পোৱাৰ কথা উল্লেখ কৰা হৈছে।
এই প্রতিবেদনত কোৱা হৈছে যে ভাৰতত অপুষ্টিত ভোগা লোকৰ হাৰ ২০১১ত আছিল ১৫.৪ শতাংশ। এই হাৰ ২০২১ত বৃদ্ধি পাইছে ১৬.৬ শতাংশলৈ। অৰ্থাৎ ভাৰতৰ প্ৰায় ১৭ শতাংশ লোকেই নিয়মিত প্রয়োজনীয় স্বাস্থ্যসম্মত খাদ্য নাখায়। তদুপৰি পেকেট ফুড ক্ৰয়ৰ পৰিমাণ পূৰ্বতকৈ দুগুণ বৃদ্ধি পাইছে।