দেশত যোৱা ২৪ ঘণ্টাত নতুনকৈ ক'ভিড-১৯ত আক্ৰান্ত হৈছে ২,৪৮৭ জন

Story by  atv | Posted by  Munni Begum • 1 Years ago
ক'ভিড-১৯ ৰ প্ৰতিনিধিত্বমুলক ফটো
ক'ভিড-১৯ ৰ প্ৰতিনিধিত্বমুলক ফটো
নতুন দিল্লী 
 
দেশত যোৱা ২৪ ঘণ্টাত নতুনকৈ ক'ভিড-১৯ত আক্ৰান্ত হৈছে ২,৪৮৭ জন। মুঠ আক্ৰান্তৰ সংখ্যা ৪,৩১,২১,৫৯৯। শনিবাৰে আক্ৰান্তৰ সংখ্যা আছিল ২,৮৫৮। স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি, যোৱা ২৪ ঘণ্টাত ক'ভিড-১৯ৰ ফলত ১৩ জনৰ মৃত্যু হৈছে। যাৰ ফলত মুঠ মৃত্যুৰ সংখ্যা হৈছে ৫,২৪,২১৪।  ক'ভিড-১৯ মৃত্যুৰ হাৰ হৈছে ১.২২ শতাংশ।    
 
ক'ভিড-১৯ৰ পৰা আৰোগ্য লাভ কৰা লোকৰ সংখ্যা ৪,২৫,৭৯,৬৯৩ লৈ বৃদ্ধি হৈছে। যোৱা ২৪ ঘণ্টাত ২,৮৭৮ জন লোক আৰোগ্য হৈছে। স্বাস্থ্য মন্ত্ৰালয়ৰ মতে দেশত পুনৰুদ্ধাৰৰ হাৰ হৈছে ৯৮.৭৪ শতাংশ।  
মন্ত্ৰালয়ৰ মতে ভাৰতৰ সক্ৰিয় সংক্ৰমণৰ সংখ্যা হৈছে ১৭,৬৯২। মুঠ সংক্ৰমণৰ হাৰ 0.04 শতাংশ। দৈনিক পজিটিভিতিৰ হাৰ ০.৬১ শতাংশ আৰু সাপ্তাহিক পজিটিভিতিৰ হাৰ ০.৬২ শতাংশ।  
দেশত এতিয়ালৈ প্ৰদান কৰা সামগ্ৰিক ভেকছিনৰ পালি ১৯১.৩২ কোটি অতিক্ৰম কৰিছে। ১২ ৰ পৰা ১৪ বছৰ বয়সৰ বাবে ৩.১৭ কোটিতকৈও অধিক প্ৰথম পালি আৰু ১.২০ কোটিতকৈও অধিক দ্বিতীয় পালি প্ৰদান কৰা হৈছে।
 
১৫ ৰ পৰা ১৮ বছৰ বয়সৰ লোকসকলক ৫.৮৯ কোটিতকৈও অধিক প্ৰথম পালি আৰু ৪.৩৯ কোটিতকৈও অধিক দ্বিতীয় পালি দিয়া হৈছে। ইফালে, ৬০ বছৰৰ অধিক বয়সৰ লোক, স্বাস্থ্যসেৱা কৰ্মী আৰু ফ্ৰণ্টলাইন কৰ্মীসকলক ২.৯৪ কোটিৰো অধিক বুষ্টাৰ পালি প্ৰদান কৰা হৈছে।