অমিক্ৰণ ভইৰাছ ধৰা পৰাৰ পিছত ৰাজ্য চৰকাৰৰ সতৰ্কবানী

Story by  atv | Posted by  Munni Begum • 2 Years ago
টীকাকৰণ
টীকাকৰণ
গুৱাহাটী

বিশ্বত কোৰোণাৰ নতুন ভেৰিয়েণ্ট ধৰা পৰাৰ পিছতে অসমতো সাৱধানতা অৱলম্বন কৰাটো অতিকৈ প্ৰয়োজনীয় বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। 
 
শনিবাৰে  খানাপাৰাত অসম প্ৰশাসনিক মহাবিদ্যালয়ত এখন সংবাদ মেল সম্বোধন কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয়,"ডেল্টা ভেৰিয়েণ্টতকৈ 'অমিক্ৰণ' নামৰ এই ভেৰিয়েণ্টটো ৩০০ গুণ অধিক শক্তিশালী। সেয়েহে ইয়াক প্ৰতিৰোধ কৰিবলৈ অসমৰ প্ৰতিজন লোকে ভেকচিন ল'বলৈ আগবাঢ়ি আহিব লাগে।"
মুখ্যমন্ত্ৰী শৰ্মাই লগতে কয়, "এই নতুন ভেৰিয়েণ্টৰ ক্ষেত্ৰত ভেকচিনে কাম নকৰে বুলি এতিয়াও বিশ্ব স্বাস্থ্য সংস্থাই একো কোৱা নাই। সেয়ে ক'ভিডৰ বিৰুদ্ধে যুঁজিবলৈ ভেকচিন এতিয়াও এটা বৃহত অস্ত্ৰ। অসমে ক'ভিড ভেকচিনৰ প্ৰথম পালিয়ে ২ কোটি ১০ লাখ লোকক স্পৰ্শ কৰিবলৈ সক্ষম হৈছে। তিনি লাখ লোকে ভেকচিনৰ প্ৰথম পালি পোৱাৰ লগে লগে অসমত প্ৰথম পালিৰ টীকাকৰণ সমাপ্ত হ'ব। আমি এটা সপ্তাহৰ ভিতৰত প্ৰথম পালি সম্পূৰ্ণ কৰাৰ লক্ষ্য লৈছো।"   
মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে কয়, "অহা ২৯ নৱেম্বৰৰ পৰা ডিচেম্বৰৰ ৫ তাৰিখলৈ 'মেচিভ চাৰ্টিফিকেচন প্ৰগেম' কৰ্যসূচী গ্ৰহণ কৰা হ'ব। অসমৰ প্ৰায় ১ লাখ চৰকাৰী কৰ্মচাৰী ২৯ তাৰিখে বিভিন্ন ভোট গ্ৰহণৰ কেন্দ্ৰত গৈ হাতে হাতে ভোটাৰ তালিকা লৈ ঘৰে ঘৰে গৈ ভেকচিন লবলৈ থাকি যোৱা সকলক বিচাৰি চাৰ্টিফিকেট প্ৰস্তুত কৰিব। মুঠ ২৮ হাজাৰ চাৰ্টিফিকেট প্ৰস্তুত হ'লে ভাৰত চৰকাৰক প্ৰদান কৰা হব।"
 
উল্লেখ্য যে ক'ভিডৰ নতুন ভেৰিয়েণ্ট অমিক্ৰণ প্ৰথমে দক্ষিণ আফ্ৰিকাত ধৰাৰ পাছতে বিশ্ব স্বাস্থ্য সংস্থাই সমগ্ৰ বিশ্বক নতুন ভেৰিয়েণ্টক লৈ সতৰ্কবাণী প্ৰদান কৰিছিল। ইয়াৰোপৰি  এই নতুন ভেৰিয়েণ্টক লৈ আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জৰুৰী বৈঠক আহ্বান কৰি নতুন নীতি নিৰ্দেশনা জাৰি কৰিছে। ইতিমধ্যে নতুন ভেৰিয়েণ্ট ধৰা পৰা ঠাইৰ পৰা পৰ্যটক অহা বন্ধ কৰিছে চৰকাৰে।