২৬ জানুৱাৰীৰ পৰা দেশবাসীৰ বাবে উপলব্ধ হব নাকেৰে লোৱা কোৰোনা প্রতিষেধক

Story by  atv | Posted by  Munni Begum • 1 Years ago
প্ৰতিনিধিত্বমুলক ফটো
প্ৰতিনিধিত্বমুলক ফটো
নতুন দিল্লী
 
নাকেৰে লোৱা বিশ্বৰ প্ৰথমটো কোৰোনা প্রতিষেধক প্ৰস্তুত কৰি উলিয়াইছে হায়দাবাদস্থিত ভাৰত বায় টেকে। এই প্রতিষেধকবিধৰ নাম হৈছে ইনক'ভেক। 
 
শনিবাৰে ভাৰত বায়'টেকৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক কৃষ্ণা ইলাই অহা ২৬ জানুৱাৰীৰ গণৰাজ্য দিৱসত এই অভিনৱ প্রতিষেধকবিধ মুকলি কৰা হ'ব বুলি প্ৰকাশ কৰিছে।
 
ভূপালত অনুষ্ঠিত আন্তর্জাতিক বিজ্ঞান উৎসৱত এক মত-বিনিময় অনুষ্ঠানত তেওঁ এই কথা ঘোষণা কৰি লগতে কয় যে চৰকাৰৰ বাবে এই প্রতিষেধকৰ এপালিত দাম হ'ব ৩২৫ টকা আৰু ব্যক্তিগত খণ্ডৰ বাবে ৮০০ টকা হব।