দেশত নতুনকৈ ক'ভিড-১৯ত আক্ৰান্তৰ সংখ্যা হৈছে ৩,৭১২

Story by  atv | Posted by  Munni Begum • 1 Years ago
ক'ভিড-১৯ ৰ প্ৰতিনিধিত্বমুলক ফটো
ক'ভিড-১৯ ৰ প্ৰতিনিধিত্বমুলক ফটো
নতুন দিল্লী
 
যোৱা ২৪ ঘণ্টাত দেশত নতুনকৈ ক'ভিড-১৯ত  আক্ৰান্তৰ সংখ্যা হৈছে ৩,৭১২ জন।  মুঠ কোভিড-১৯ আক্ৰান্তৰ সংখ্যা ৪,৩১,৬৪,৫৪৪। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি সক্ৰিয় সংক্ৰমণৰ সংখ্যা ১৯,৫০৯ লৈ বৃদ্ধি পাইছে।
 
বৃহস্পতিবাৰে ক'ভিড-১৯ত আক্ৰান্ত হৈ 5 জনৰ মৃত্যু হয়। মুঠ মৃত্যুৰ সংখ্যা ৫,২৪,৬৪১ লৈ বৃদ্ধি পাইছে। মুঠ  সক্ৰিয় সংক্ৰমণৰ হাৰ ০.০৪ শতাংশ। আনহাতে পুনৰুদ্ধাৰৰ হাৰ ৯৮.৭৪ শতাংশ 
 
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি  দৈনিক পজিটিভিতিৰ হাৰ ০.৬০ শতাংশ আৰু সাপ্তাহিক ইতিবাচকতাৰ হাৰ আছিল ০.৫৬ শতাংশ।যোৱা 24 ঘণ্টাত সক্ৰিয় কোভিড-১৯ত সংক্ৰমণৰ সংখ্যা ১,১২৩ বৃদ্ধি হৈছে।