দেশত নতুনকৈ ক'ভিড-১৯ত আক্ৰান্ত সংখ্যা ১৯,৪০৬

Story by  atv | Posted by  Munni Begum • 1 Years ago
ক'ভিড-১৯ ৰ প্ৰতিনিধিত্বমুলক ফটো
ক'ভিড-১৯ ৰ প্ৰতিনিধিত্বমুলক ফটো
নতুন দিল্লী 
 
শনিবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি এদিনত নতুনকৈ ক'ভিড-১৯ত আক্ৰান্ত হৈছে ১৯,৪০৬ জন লোক। দেশত ক'ভিড-১৯ত আক্ৰান্তৰ সংখ্যা ৪,৪১,২৬,৯৯৪ লৈ বৃদ্ধি হৈছে। আনহাতে সক্ৰিয় সংক্ৰমণ ১,৩৪,৭৯৩ লৈ হ্ৰাস পাইছে। মুঠ সক্ৰিয় সংক্ৰমণৰ হাৰ ০.৩১ শতাংশ।
 
পুনৰুদ্ধাৰৰ সংখ্যা ৪,৩৪,৬৫,৫৫২ লৈ বৃদ্ধি হৈছে। পুনৰুদ্ধাৰৰ হাৰ ৯৮.৫০ শতাংশ। দৈনিক পজিটিভিতিৰ হাৰ ৪.৯৬ শতাংশ আৰু সাপ্তাহিক  পজিটিভিতিৰ হাৰ  ৪.৬৩ শতাংশ। 
স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি, ক'ভিড-১৯ত আক্ৰান্ত হৈ এদিনত ৪৯ জনৰ মৃত্যুৰ হৈছে। মুঠ মৃত্যুৰ সংখ্যা ৫,২৬,৬৪৯ লৈ বৃদ্ধি পাইছে। আনহাতে মুঠ মৃত্যুৰ হাৰ ১.১৯ শতাংশ। 
এতিয়ালৈ হোৱা ৫,২৬,৬৪৯ জন লোকৰ মৃত্যুৰ ভিতৰত ১,৪৮,১২৯ জন মহাৰাষ্ট্ৰৰ, ৭০,৫৪৮ জন কেৰালাৰ, ৪০,১৫৫ জন কৰ্ণাটকৰ, ৩৮,০৩৩ জন তামিলনাডুৰ, ২৬,৩২৭ জন দিল্লীৰ, ২৩,৫৭৪ জন উত্তৰ প্ৰদেশৰ আৰু ২১,৩৮৯ জন পশ্চিম বংগৰ। 
 
মন্ত্ৰালয়ৰ মতে, দেশজুৰি কোভিড-১৯ টিকাকৰণ অভিযানৰ অধীনত দেশত এতিয়ালৈ ২০৫.৯২ কোটি পালি প্ৰদান কৰা হৈছে। ২০২০ চনৰ ৭ আগষ্টত ২০ লাখ, ২৩ আগষ্টত ৩০ লাখ, ৫ ছেপ্টেম্বৰত ৪০ লাখ আৰু ১৬ ছেপ্টেম্বৰত ৫০ লাখ অতিক্ৰম কৰিছিল। ২৮ ছেপ্টেম্বৰত ৬০ লাখ, ১১ অক্টোবৰত ৭০ লাখ, ২৯ অক্টোবৰত ৮০ লাখ, ২০ নৱেম্বৰত ৯০ লাখ অতিক্ৰম কৰে আৰু ১৯ ডিচেম্বৰত এক কোটিৰ সীমা অতিক্ৰম কৰে।